ডাউনলোড
মোবাইল এপ

android apple
signal

April 6, 2025 8:22 PM | Assam Bihu

printer

ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে কৰ্মশালা, আখৰা অনুষ্ঠান

বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে বাপতিসাহোন বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে।
এইবেলিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। ইয়াৰ বিপৰীতে ঢুলীয়া- নাচনীসকলৰ বিহুৰ আখৰা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ঠায়ে ঠায়ে বিহু ঢোলৰ চেও আৰু বিহুনামে চৌদিশ মুখৰিত কৰি তুলিছে। সদাব্যস্ত গুৱাহাটী মহানগৰবাসীও ব’হাগক আদৰাৰ বাবে সাজু হৈ উঠিছে। মহানগৰীত মুকলি বিহু উদযাপনৰ লগতে কেইবাখনো ঐতিহ্যমণ্ডিত বিহুতলীত মঞ্চ বিহু উদযাপনৰ প্ৰস্তুতিও প্রায় সম্পূৰ্ণ হৈ উঠিছে। গুৱাহাটীৰ লতাশিল, গণেশগুৰি, চানমাৰি, বেলতলা, ভৰলুমুখ আদি অঞ্চলত আড়ম্বৰপূৰ্ণভাৱে বিহু উদযাপন কৰা হ’ব। ইপিনে, মঞ্চবিহুত জনসাধাৰণক আমোদ দিয়াৰ বাবে শিল্পীসকলো সাজু হৈছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে কৰ্মশালা, আখৰা আদি অন্তিম পৰ্যায়ত উপনীত হৈছে।
লখিমপুৰত ফাটবিহু সমিতিৰ উদ্যোগত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ঢকুৱাখনাৰ ফাটবিহু বাকৰিত আয়োজিত কর্মশালাত তিনি শতাধিক প্রশিক্ষার্থীয়ে অংশ লৈছে। শোণিতপুৰ জিলাৰ ন দুৱাৰ অঞ্চলৰ বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ উদ্যোগত যোৱা ২৫ মাৰ্চৰ পৰা আয়োজিত বিহু কৰ্মশালাৰ কালি সামৰণি পৰে। ইপিনে, সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত পহিলা ব’হাগত হ’বলগীয়া মুকলি বিহুৰ বাবে আজি লাইখুঁটা স্থাপন কৰা হয়। বিহু নাচ গানৰ লগতে ব’হাগ বিহুৰ সৈতে জড়িত বিভিন্ন ৰীতি-নীতি পালনৰ বাবে ৰাজ্যবাসী সাজু হৈছে। গৰুবিহুৰ বাবে তৰালী পঘা প্ৰস্তুত কৰিবলৈ মৰাণৰ এখন গাঁৱৰ ৭০ টা পৰিয়াল অহৰ্নিশে ব্যস্ত হৈ আছে। প্ৰতিবছৰে এই লোকসকলে পৰম্পৰা বৰ্তাই ৰাখি ফাগুন মাহৰ পূৰ্ণিমাত তৰা গছ সংগ্ৰহ কৰি পঘা প্ৰস্তুতকৰণৰ কাম আৰম্ভ কৰে। এইবেলিও গাঁওখনৰ লোকসকলে তৰালী পঘা পাইকাৰী দৰতো বিক্ৰী কৰিছে। গুৱাহাটীৰ বেলতলা বিহু উদযাপন সমিতিয়ে এইবছৰো অহা ২৪ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ বেলতলা বিদ্যালয় খেল পথাৰত ৪৮ সংখ্যক ব’হাগী উৎসৱৰ আয়োজন কৰিছে। আজি এই উপলক্ষে আয়োজিত এখন সংবাদমেলত উদ্যোক্তাসকলে এই বিষয়ে সদৰি কৰি কয়, যে এইবেলি বিহু উদযাপন সমিতিৰ সৰ্বোচ্চ সন্মান ড° ভূপেন হাজৰিকা বঁটা কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হ’ব। তদুপৰি ৰাজ্যৰ বিভিন্ন বিহুমঞ্চত শ্রেষ্ঠত্ব অৰ্জন কৰা বিহুৱতীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি পাটমাদৈ বঁটা প্ৰদান কৰা হ’ব। তিনিদিনীয়া কাৰ্যসূচীত হুঁচৰি, সাংস্কৃতিক সন্ধিয়া আৰু ১০ গৰাকী জ্যেষ্ঠ শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে সংবাদমেলত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক