ডাউনলোড
মোবাইল এপ

android apple
signal

April 8, 2024 7:45 PM | Rangali Bihu

printer

ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে অনুষ্ঠিত কৰ্মশালা, আখৰা আদি অন্তিম পৰ্যায়ত উপনীত

ঋতু পৰিৱৰ্তনৰ লগে লগে বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। এইবেলি নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। ইয়াৰ বিপৰীতে ঢুলীয়া- নাচনীসকলৰ বিহুৰ আখৰা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ঠায়ে ঠায়ে বিহু ঢোলৰ চেও আৰু বিহুনামে চৌদিশ মুখৰিত কৰি তুলিছে। সদাব্যস্ত গুৱাহাটী মহানগৰবাসীও ব’হাগক আদৰাৰ বাবে সাজু হৈ উঠিছে। মহানগৰীত মুকলি বিহু উদযাপনৰ লগতে কেইবাখনো ঐতিহ্যমণ্ডিত বিহুতলীত মঞ্চ বিহু উদযাপনৰ প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। গুৱাহাটীৰ লতাশিল, গণেশগুৰি, চানমাৰি, বেলতলা, ভৰলুমুখ আদি অঞ্চলত আড়ম্বৰপূৰ্ণভাৱে বিহু উদযাপন কৰা হ’ব। ইপিনে, মঞ্চবিহুত জনসাধাৰণক আমোদ দিয়াৰ বাবে শিল্পীসকলো সাজু হৈছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে কৰ্মশালা, আখৰা আদি অন্তিম পৰ্যায়ত উপনীত হৈছে। মৰিগাঁও জিলাত পাঁচদিনীয়াকৈ আয়োজিত বিহু কৰ্মশালাৰ আজি সামৰণি পৰিছে। এই কৰ্মশালাত জিলাখনৰ কমেও ৩০ গৰাকী শিশু আৰু কিশোৰীয়ে অংশগ্ৰহণ কৰে। একেদৰে কাজিৰঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় খেল-পথাৰত আয়োজিত ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালাত দুই শতাধিক নাচনী-ঢুলীয়াই অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক