May 25, 2024 12:21 PM | Death

printer

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব, অর্থনীতিবিদ হৰেন্দ্ৰ নাথ দাসৰ দেহাৱসান

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব, অর্থনীতিবিদ হৰেন্দ্ৰ নাথ দাসৰ যোৱা নিশা গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। ১৯৬১ চনৰ আই এছ বিষয়া হৰেন্দ্ৰ নাথ দাস ১৯৯০ৰ পৰা ১৯৯৫ চনলৈ ৰাজ্যৰ মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজ্যৰ বিত্ত সচিবৰ উপৰিও অন্যান্য বহু প্ৰশাসনীয় দায়িত্বত থকা হৰেন্দ্ৰ নাথ দাস কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰ্যালয়ৰ সঞ্চালক পদতো অধিষ্ঠিত হৈছিল। দাসৰ মৃত্যুত বৰ্তমান মুখ্য সচিব ৰবি কোটা, মহানগৰ আৰক্ষী আয়ুক্তকে ধৰি বিভিন্নজনে শ্রদ্ধা নিবেদন কৰে।

অধিক পঢ়ক

সকলো চাওক