ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি দিগন্ত ঘাটোৱালৰ হৈ বিহালী সমষ্টিত প্ৰচাৰ চলায় ৷ কংগ্ৰেছ দলৰ সাংসদ তথা বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে বিহালীত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সাংসদ ৰকিবুল হুছেইনে বিহালীত, চামগুৰিত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই দলীয় প্ৰাৰ্থীৰ হৈ কালি প্ৰচাৰ চলায়। ইফালে, চামগুৰিত নির্বাচনী প্ৰচাৰৰ সময়ত ৰাজনৈতিক হিংসাৰ সৃষ্টি হৈছে। কালি সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। এই ঘটনাত কংগ্ৰেছৰ তিনিজন আৰু বিজেপিৰ দুজন লোক আহত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চামগুৰিত একাংশ কংগ্ৰেছ সমর্থকে বিধায়ক জিতু গোস্বামীক আক্ৰমণ কৰা ঘটনাক গৰিহণা দিছে। এই ঘটনাই দলটোৰ নিৰাশাকে প্রতিফলিত কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে, ৩৪ হ’বলগীয়া ধলাই সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীয়ে এই উপ-নির্বাচনত প্রতিদ্বন্দিতা আগবঢ়াইছে। উপ-নির্বাচন গৰাকী প্ৰাৰ্থীয়ে, চামগুৰি সমষ্টিত ১১ গৰাকী আৰু ছিদলী সমষ্টিত ৩ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিহালী সমষ্টিত ৪ গৰাকী আৰু বঙাইগাঁৱৰ আসনখনৰ বাবে ৮ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।
Site Admin | November 10, 2024 6:12 PM | Assam Bye-Election