ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ’বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। আজি চামগুৰি সমষ্টিৰ উপ-নির্বাচনত নিয়োজিত পলিং আৰু প্রিজাইডিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। ইপিনে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰে পৰা এই বিধি উলংঘাকাৰী ঘটনাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। কালি জিলাখনৰ ৰূপহীহাট থানাৰ অন্তৰ্গত লাওখোৱা পথত চাৰে চাৰি লাখ টকাৰো অধিক নগদ ধন জব্দ কৰা হয় ৷ ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। আজি কেবিনেট মন্ত্রী অশোক সিংহলে বৰপেটাত উপস্থিত হৈ জনসাধাৰণে চৰকাৰখনৰ উন্নয়নমূলক কামৰ বাবে আস্থা প্ৰকাশ কৰি আহিছে আৰু নিৰ্বাচনত এই কথা প্রতিফলিত হ’ব বুলি আশা প্ৰকাশ কৰে। ইপিনে ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত বিশেষ ছুটী লাভ কৰিব বুলি প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক অহা ৬ আৰু ৮ নৱেম্বৰত এই ছুটীৰ সুবিধা আগবঢ়াইছিল। এই বিশেষ ছুটীৰ অধীনত কৰ্মচাৰীসকলক ৭ নৱেম্বৰ ষট পূজা, ৯ নৱেম্বৰ মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰৰ দিনটো একেলগে সামৰি লোৱা হ’ব বুলি কোৱা হৈছিল। উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ফলত সংশ্লিষ্ট সমষ্টিকেইটাৰ কৰ্মচাৰীসকলৰ বাবে এই ছুটী লোৱাত সমস্যা সৃষ্টি হোৱাৰ বাবে পৰৱৰ্তী সময়ত এই ছুটী প্রদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ।
Site Admin | November 3, 2024 7:45 PM | Assam Bye-Election