ডাউনলোড
মোবাইল এপ

android apple
signal

November 3, 2024 11:27 AM | Assam Bye-Election

printer

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সমর্থিত অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ লগতে কংগ্ৰেছ প্রার্থী ব্ৰজেনজিৎ সিংহই ভোটাৰৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে। ইফালে, বিহালী বিধানসভা সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাই বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলোৱাৰ পাছত সমষ্টিটোত নিৰ্বাচনী তৎপৰতা তুংগত উঠিছে। একেদৰে কাছাৰৰ ধলাই বিধানসভা সমষ্টিত আৰু চিৰাঙৰ চিলী সমষ্টিতো প্ৰাৰ্থী আৰু সমৰ্থকসকলে ব্যাপক প্ৰচাৰ চলাইছে। চামগুৰি সমষ্টিতো বিজেপি প্রার্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ কেবিনেট মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা বিমল বৰাই কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে, চিদলী বিধানসভা সমষ্টিত বিজেপি মিত্রজোঁট সমর্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই কালি কাশিকোত্রা সমূহীয়া ভৱনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে বিটিচিত শান্তি প্রতিষ্ঠা কৰি উন্নয়ন ত্বৰান্বিত কৰিবলৈ সক্ষম হৈছে বুলি প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰাৰ লগতে নিৰ্বাচনত সহজেই জয়ী হ’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ।

অধিক পঢ়ক

সকলো চাওক