ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। কাইলৈ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে, কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী নৱ শৰণীয়াৰ প্ৰাৰ্থীত্বক লৈ বিৰোধী পক্ষই দাখিল কৰা তথ্য সংক্ৰান্তত আজি নির্বাচন আয়োগে এটা নিৰ্দেশ জাৰি কৰাৰ কথা। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রার্থীগৰাকীয়ে অনুসূচীত জনজাতি অন্তৰ্ভুক্ত নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে দিয়া নির্দেশক প্রত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰিছে।
Site Admin | April 21, 2024 1:02 PM | Assam | Lok Sabha Elections 2024
ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
