ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ জিলাসমূহত গণৰাজ্য দিৱসৰ কাৰ্যসুচীত বিভিন্ন মন্ত্ৰীৰ অংশগ্ৰহণ

পৰিবেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত কামৰূপ জিলা প্ৰশাসনে আয়োজন কৰা ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসুচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত নির্দিষ্ট ক্ষেত্রসমূহত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেবাগৰাকী ব্যক্তি তথা কেইবাটাও সংগঠনক অনুষ্ঠানটোত সম্বর্ধনা জনোৱা হয়। তদুপৰি কামৰূপ জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰে।
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই বঙাইগাওঁৰ গান্ধী ময়দানত আযোজিত গণৰাজ্য দিৱসৰ কাৰ্যসুচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে সংবিধান প্রণেতা তথা দেশৰ স্বাধীনতা সংগ্ৰামৰ সেনানীসকলৰ প্ৰতিও শ্রদ্ধা তৰ্পন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিকদর্শনত বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰগতি ত্বৰান্বিত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

কৃষিমন্ত্ৰী অতুল বৰাই শিৱসাগৰত আয়োজিত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰাৰ লগতে স্বাধীনতা সংগ্রামত প্রাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি পুষ্পাঞ্জলি তৰ্পন কৰে। ভাষণ প্ৰসংগত তেওঁ সংবিধান প্ৰণেতাসকললৈও শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আৰক্ষী, সশস্ত্ৰ সীমাবল, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী তথা শিক্ষার্থীসকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰো তেওঁ প্ৰশংসা কৰে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰীত আযোজিত গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি গণতান্ত্ৰিক প্ৰমূল্যবোধক আকোৱালি লবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱস উপলক্ষে নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে। শ্ৰীবৰুৱাই মহাবিদ্যালয়খনৰ চৌহদত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। তথ্য আৰু জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই আজি শোণিতপুৰৰ তেজপুৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসুচীত অংশগ্ৰহণ কৰি সংবিধান প্রণেতাসকলক সুঁৱৰি কয়, যে তেওঁলোকৰ দূৰদৰ্শিতাৰ ফলতে আজি দেশৰ নাগৰিকসকলে মুক্ত পৰিবেশ লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতীয় সংবিধানৰ আধাৰত দেশখনত গঢ়ি উঠা গণতান্ত্রিক প্ৰমূল্যবোধৰ বাবে বিশ্বত ভাৰতৰ ভাৱমুৰ্তি উজ্বল হৈ উঠিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে তেজপুৰৰ সাহিত্য সভা ভৱনত আয়োজিত ৰক্তদান শিবিৰতো অংশগ্ৰহণ কৰে। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চিৰাঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পেৰেড গ্রাউণ্ডত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে।

ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গার্লোচাই আজি হাফলঙত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। শ্ৰীগাৰ্লোচাই জিলাখনৰ কিংবদন্তি শিল্পী জয়নাচৰণ বাথাৰীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা বাবে অভিনন্দন জ্ঞাপন কৰে। কার্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ এক খতিয়ান দাঙি ধৰে।

অধিক পঢ়ক

সকলো চাওক