ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ চৰকাৰী চিকিৎকে ৰোগীক দিয়া প্ৰেছক্রিপছনত ১৫ ফেব্ৰুৱাৰীৰ পৰা এটা হোৱাটছ-এপ নম্বৰ সন্নিৱিষ্ট হ’বঃ স্বাস্থ্যমন্ত্ৰী

১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত চিকিৎকে ৰোগীক দিয়া প্ৰেছক্রিপছন অর্থাৎ নিদানপত্ৰত এটা হোৱাটছ-এপ নম্বৰ সন্নিৱিষ্ট কৰা হ’ব।

ৰোগীয়ে এনে নিদানপত্ৰত লিখি দিয়া ঔষধ সংশ্লিষ্ট চিকিৎসালয়খনত নাপালে এই নম্বৰটোত অভিযোগ দাখিল কৰিব পাৰিব আৰু সেই অনুযায়ী কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি শ্রীভূমি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে।

তেওঁ কয়, যে চৰকাৰে চৰকাৰী চিকিৎসালয়সমূহত পর্যাপ্ত পৰিমাণে সকলো ঔষধ যোগান ধৰে সেয়েহে ৰোগীয়ে সকলো ঔষধ চিকিৎসালয়ত বিনামূলীয়াকৈ লাভ কৰে। একাংশ চিকিৎসকে ঔষধৰ নাম সলনি কৰি লিখাৰ বাবে কিছু ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ কয়, যে এনে অসুবিধালৈ চাই ১৫ ফেব্ৰুৱাৰীৰ পৰা নিদানপত্ৰত একোটাকৈ নম্বৰ সন্নিৱিষ্ট কৰা হ’ব আৰু ৰোগীয়ে ঔষধ নাপালে সেই নম্বৰত নিদানপত্ৰৰ ফটোসহ অভিযোগ কৰিব পাৰিব আৰু চৰকাৰে সেই অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক