ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে দিছপুৰত আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কালি দিছপুৰত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবে এখন বিশেষ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্ৰ প্রতাপ সিং, বিশেষ আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিঙৰ লগতে আন কেইবাগৰাকীও শীৰ্ষ আৰক্ষী আৰু প্ৰশাসনীয় বিষয়াই এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ শেষত প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ নিৰাপত্তা তথা সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হয়। এই বৈঠকত ভার্চুৱেল ব্যৱস্থাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তসকলে অংশগ্রহণ কৰি চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়সমূহৰ নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানক অৱগত কৰে ৷ উল্লেখযোগ্য যে কলকাতাৰ এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পিছতে সর্বোচ্চ ন্যায়ালয়ে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নির্দেশ দিছিল।

অধিক পঢ়ক

সকলো চাওক