সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টিসমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। সেই অনুসৰি নিৰ্ধাৰিত নীতি-নিয়মৰ ভিত্তিত জিলা প্রশাসনে যুগুতোৱা নতুন সমষ্টিৰ খচৰা তালিকাখন জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলযোগে প্রকাশ কৰে । আয়ুক্তগৰাকীয়ে কয় যে, নতুন নীতি অনুসৰি এটা উন্নয়ন খণ্ড বা আঞ্চলিক পঞ্চায়ত সমষ্টি একাধিক বিধানসভা সমষ্টিত ভাগ হ’ব নোৱাৰে। তদুপৰি জিলা ভিত্তিক খণ্ড আৰু গাঁও পঞ্চায়তৰ সংখ্যাৰো তাৰতম্য হ’ব নোৱাৰে। সেই অনুসৰি শদিয়া সমষ্টিৰ অন্তৰ্গত শদিয়া আৰু ছৈখোৱা আঞ্চলিক পঞ্চায়ত বা উন্নয়ন খণ্ড থাকিব। ডুমডুমা সমষ্টিৰ অন্তৰ্গত ডুমডুমা উন্নয়ন খণ্ড নামেৰে নতুন খণ্ড গঠন কৰা হ’ব। একেদৰে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ উন্নয়ন খণ্ড, মাকুম সমষ্টিৰ অন্তৰ্গত মাকুম উন্নয়ন খণ্ড, মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা উন্নয়ন খণ্ড, তিনিচুকীয়া সমষ্টিৰ অন্তৰ্গত ইটাখুলি উন্নয়ন খণ্ড হিচাপে পুনৰ গঠন কৰি পূৰ্বৰ কেইবাটাও খণ্ডৰ নাম আৰু সীমাৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে পুনৰ গঠনৰ পাছতো জিলাখনত উন্নয়ন খণ্ড পূৰ্বৰ দৰে ৭টা আৰু গাঁও পঞ্চায়তৰ সংখ্যা ৮৫ খন হৈ থাকিব। বিভিন্ন সাল- সলনিৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত কাৰোবাৰ ওজৰ-আপত্তি বা পৰামৰ্শ থাকিলে ২০ ছেপ্তেম্বৰৰ ভিতৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। অহা ২৩ৰ পৰা ২৫ ছেপ্তেম্বৰৰ ভিতৰত জিলা ভিত্তিক ৰাজহুৱা শুনানী গ্ৰহণ কৰা হ’ব আৰু ২৭ ছেপ্তেম্বৰত চূড়ান্ত জাননী জাৰি কৰা হ’ব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে লগতে ৰাইজক নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰামৰ্শ বা আপত্তি আদি থাকিলে লিখিতভাৱে দাখিল কৰিবলৈ আহ্বান জনাইছে।
Site Admin | September 18, 2024 6:48 PM | Delimitation