July 5, 2024 7:34 PM | Assam Flood

printer

ৰাজ্যৰ কোনো কোনো ঠাইত বান পৰিস্থিতি সামান্য উন্নত

ৰাজ্যৰ কোনো কোনো ঠাইত আজি বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ভালেমান ঠাই বানৰ কবলত আছে। ৰাজ্যখনৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ২১ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ খোৱাঙত বুঢ়ী দিহিং নৈৰ মথাউৰি ভাঙি জলমগ্ন হোৱা কেইবাখনো গাঁও আজি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণে আশ্ৰয় লৈ থকা এটা শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি টেঙাখাট মহাবিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। বৰ্তমান ২৯৯ গৰাকী লোকে আশ্ৰয় লৈ থকা এই শিবিৰত প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নির্দেশ দিয়ে। ইয়াৰ উপৰি জ্যেষ্ঠ ব্যক্তি আৰু শিশুসকলৰ বিশেষ যত্ন ল’বলৈ তেওঁ জিলা প্ৰশাসনক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ সৈতে আজিৰ ভ্ৰমণকালত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি কৃত্রিম বানৰ কবলত পৰা ডিব্ৰুগড় নগৰৰ ভালেমান ঠাই পৰিদৰ্শন কৰে। তেওঁ জিলা প্ৰশাসনক কৃত্রিম বান ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি বান ক্ষতিগ্ৰস্ত ৰাইজক সাহাৰ্য প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰী বৰাই বানত ৬০ শতাংশতকৈও অধিক ক্ষতি হোৱা বাসগৃহসমূহৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰে এক লাখ ২০ হাজাৰ টকাকৈ প্ৰদান কৰিব বুলি অৱগত কৰে। তেওঁ জিলাখনৰ বান ক্ষতিগ্ৰস্ত খেতিয়কসকলক অচিৰেই প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত নিজৰ নাম পঞ্জীয়ন কৰাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে জিলাখনত ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে গঠন কৰা ৭২ জনীয়া এটা বিশেষ দলে কাইলৈৰ পৰা জিলাখনত জনসাধাৰণৰ ক্ষয়-ক্ষতিৰ বুজ ল’ব বুলি অৱগত কৰে। উল্লেখযোগ্য যে জিলাখনৰ দিচাংমুখ, দিখৌমুখৰ লগত ডিমৌ বিধানসভাৰ অধীনৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে। সাম্প্ৰতিক বানত জিলাৰ ১১৭ খন গাঁৱৰ ৮৮,৬০০ গৰাকী লোক প্ৰভাৱিত হৈছে। বিত্তমন্ত্রী অজন্তা নেওগে আজি গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ লোৱাৰ বাবে জিলা আয়ুক্তৰ কার্যালয়ত এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সময়মতে বান সাহায্য প্রদান কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে জিলাখনৰ আশ্ৰয় শিবিৰত থকা লোকসকলে যাতে সকলো ধৰণৰ সা-সুবিধা লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে ১৫ আগষ্টৰ ভিতৰত জৰিপৰ প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে। আজিৰ বৈঠকত দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মাজুলী জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে আজি পুৱা শালমৰা অঞ্চল পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্যোগৰ সময়ত জনসাধাৰণৰ সেৱা আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ আজিৰ এই ভ্রমণকালত জিলা আয়ুক্ত কাবেৰী বি শৰ্মাৰ লগতে বিধায়ক ভুবন গাম উপস্থিত থাকে। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে জুগুনীধাৰীৰ ছিগা মথাউৰীৰ অংশ পৰিদৰ্শন কৰাৰ লগতে জিলাখনৰ ভালেমান বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। ৰাজ্যৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ বামচেনীয়া দেউৰী গাঁৱত বান ক্ষতিগ্ৰস্ত লোকসকলক জিলা প্ৰশাসনৰ ফালৰ পৰা সাহায্য প্ৰদান কৰে। গোৱালপাৰা জিলাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য হ্ৰাস পাইছে যদিও জিলাখনৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলাখনৰ চাৰিটা ৰাজহচক্ৰৰ ২৯৭ খন গাঁও বৰ্তমান প্লাবিত হৈ আছে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে আজি জিলাৰ জলেশ্বৰ সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁ লগতে বুঢ়া-বুঢ়ী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰো পৰিদৰ্শন কৰে। বৰপেটা জিলাৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ কলগাছিয়াৰ কৰাৰকুৰত কালি বেকী নৈৰ দলঙৰ পশ্চিম দিশৰ পথটো খহি যোৱাত যাতায়ত ব্যাহত হৈ থকাত জনসাধাৰণে সমস্যাৰ সন্মুখীন হৈছে। জিলা আয়ুক্তগৰাকীয়ে আজি ক্ষতিসাধন হোৱা পথটো পৰিদৰ্শন কৰি অচিৰেই মেৰামতি কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। বাক্সা জিলাৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাত জিলাখনৰ সাম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বিশেষ সতর্ককা গ্ৰহণ কৰিছে। জিলাখনত বান ক্ষতিগ্রস্ত লোকসকলৰ বাবে ৭২টা আশ্রয় শিবিৰ সাজু কৰি ৰখা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই আজি নগাঁও জিলাৰ জখলাবন্ধাৰ সমীপৰ হাতীমুৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ক্ষতিসাধন কৰা মথাউৰিটো পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁ অঞ্চলটোৰ কেইবাটাও বান শিবিৰ পৰিদৰ্শন কৰে। গুৱাহাটী মহানগৰত যোৱা নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আজি অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁৱকে ধৰি ভালেমান অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হয়। মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শর্মাই আজি মায়ং ৰাজহচক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বান সাহায্য বিতৰণৰ সবিশেষ বুজ লয়। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো ৯৫টা বন শিবিৰ এলেকা প্লাবিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়ালৈকে ৩১টা বণ্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰ উপৰি উদ্যানখনৰ ভালেমান জীৱ-জন্তুৱে উদ্যানখনৰ মাজে মাজে থকা ওখ ঠাইত আশ্ৰয় লোৱাৰ বিপৰীতে ভালেমান জীৱ জন্তু কাৰ্বি পাহাৰত আশ্ৰয় লৈছে। বানৰ সময়ছোৱাত জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ চলাচলৰ ক্ষেত্ৰত জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজা পর্যন্ত ট্রাকসমূহ জিলা আৰক্ষী আৰু বন বিভাগৰ নিয়ন্ত্ৰণত আহ-যাহ কৰিব পাৰিব ৷ বিগত ২৪ ঘণ্টাত ৬ গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱাত ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যুৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। ৰাজ্যৰ ১০৭টা ৰাজহচক্ৰৰ অধীনৰ তিনি হাজাৰ ২০০ খন গাঁৱৰ ৫৭ হাজাৰ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। ব্ৰহ্মপুত্ৰ, বৰাকৰ লগতে প্ৰায়বোৰ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই বানত বিগত ২৪ ঘণ্টাত ১৪৫টা পথ, ১৩টা মথাউৰি আৰু দুখন দলং ক্ষতিগ্ৰস্ত হৈছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ সতর্কবাণী জাৰি কৰিছে। অসমত ৰাজ্য চৰকাৰে বিভিন্ন স্থানত ইতিমধ্যে ৪৫১টা সাহায্য বিতৰণ কেন্দ্ৰৰ লগতে ২৪৭টা সাহায্য কেন্দ্ৰ মুকলি কৰিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক