August 15, 2024 8:31 PM | Assam Police

printer

ৰাজ্যৰ  কেইবাটাও স্থানত আৰক্ষীৰ বোমা সদৃশ সামগ্রী উদ্ধাৰ

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে আজি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাক লৈ ৰাজ্যখনত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰ কৰি তোলে। ইয়াৰ পাছতে বিভিন্ন স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয়। আৰক্ষীয়ে চলোৱা অভিযানত গুৱাহাটীৰ দুটা স্থানৰ লগতে ৰাজ্যৰ অন্য কেইবাটাও স্থানতো বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰা হয়। শিৱসাগৰ জিলাতো দুটা স্থানত বোমা বুলি সন্দেহ কৰা সামগ্ৰী উদ্ধাৰ হৈছে। আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ পৰ্যবেক্ষণৰ পাছতহে এইক্ষেত্ৰত নিশ্চিত হ’ব বুলি জানিবলৈ দিছে । আৰক্ষীয়ে তাৎক্ষণিকভাৱে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত ৰাজ্যৰ কোনো স্থানতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। উল্লেখযোগ্য যে উগ্রপন্থী সংগঠন আলফা স্বাধীনে আজি গুৱাহাটী মহানগৰীৰ আঠটা স্থানৰ লগতে ৰাজ্যখনৰ ২০ টাৰো অধিক স্থানত বোমা সংস্থাপন কৰা বুলি এটা বিবৃতিযোগে দাবী কৰিছিল। ইপিনে, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে এইক্ষেত্ৰত কয় যে একেধৰণৰ বোমাসদৃশ সামগ্ৰী নলবাৰী, লখিমপুৰ আৰু নগাঁৱতো উদ্ধাৰ হৈছে আৰু সুৰক্ষিতভাৱে আঁতৰ কৰা হৈছে। এই সামগ্ৰী ফৰেণচিক পৰীক্ষাৰ বাবে পঠিওৱা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ এই কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ আলফাৰ সেনাপ্রধান পৰেশ বৰুৱাক আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমে বহু বছৰৰ মূৰত বৰ্তমান উন্নয়নৰ পথত অগ্ৰসৰ হৈছে আৰু এই ক্ষেত্ৰত ৰাজ্যত সুস্থ বিনিয়োগৰ পৰিৱেশ বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ সংগঠনটোক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক