July 20, 2024 12:21 PM | Assam Flood

printer

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এতিয়াও ১৩ খন জিলাৰ ৫৭২ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ ২ লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে ৫৬টা আশ্রয় শিবিৰত ১০ সহস্রাধিক বানপীড়িতই আশ্ৰয় লৈ আছে। ইপিনে বানৰ পাছতে ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভৱ ঘটিছে। ইতিমধ্যে এই ৰোগত ৫ জন লোকৰ মৃত্যু হোৱাৰ তথ্য ৰাজ্যৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে। আনহাতে আন কেইবাজনো আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ধেমাজিত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬ জন চিকিৎসাধীন হৈ আছে। ইপিনে ডিব্ৰুগড়তো জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱ ঘটিছে। বর্তমানে জিলাখনৰ ৪টা শিশুৰ দেহত এই ৰোগৰ ভাইৰাছ ধৰা পৰা বুলি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে সদৰি কৰিছে। উল্লেখযোগ্য যে বগলী আৰু কণামুচুৰীৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, বিভ্রান্তি, সংজ্ঞাহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা ক’বলৈ অসমৰ্থ হোৱা আদি এই ৰোগৰ প্ৰধান লক্ষণ। ৰোগবিধৰ পৰা ৰাইজক সুৰক্ষিত হৈ থাকিবলৈ পৰামৰ্শ দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰহাৰ আমছৈত এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ মেলেৰিয়া বিভাগ আৰু বাৰপূজীয়া খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্র তত্বাৱধানত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাৰপূজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰকৰ্মী আৰু আশাকৰ্মী সকলে আমছৈ অঞ্চলৰ ২৭৩টা পৰিয়ালৰ ঘৰে ঘৰে গৈ জ্বৰ পৰীক্ষা কৰাৰ লগতে, ২১ জনৰ তেজৰ নমুনা পৰীক্ষা কৰে। লগতে অঞ্চলটোৰ বাসিন্দাৰ সুবিধাৰ বাবে আঁঠুৱা ঔষধিকৰণৰো ব্যৱস্থা কৰে। ইপিনে মাজুলী, শোণিতপুৰ, নগাঁও, নলবাৰী আদি জিলাতো স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত জাপানীজ এনচেফেলাইটিছ, ডেংগী, মেলেৰিয়া আদিৰ দৰে বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আঁঠুৱা ঔষধিকৰণ শিবিৰৰ আয়োজন আৰু ফগিঙৰ ব্যৱস্থা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক