ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যৰ ২৪ খন জিলাত ১৮৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাট জিলাত জানুৱাৰী মাহৰ পৰা এতিয়ালৈ ৫৫ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰকাশ কৰা মতে এই লোকসকল জাপানীজ এনচেফেলাইটিছতেই নহয় অন্য ৰোগতো আক্ৰান্ত হৈছে। জিলাখনত মুঠ ৮ জন লোকহে এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। স্বাস্থ্য বিভাগে সকলো লোকক এই ৰোগৰ বাবে আতংকিত নহৈ, সজাগ হ’বলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে অতিপাত জ্বৰ, মূৰৰ বিষ, অপ্রাসংগিক আৰু বিভ্ৰান্ত হোৱা, সংজ্ঞাহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা ক’বলৈ অসমৰ্থ হোৱা এই জাপানীজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ। তাৎক্ষণিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈ সন্ধিয়া আৰু পুৱা পানী জমা হোৱা এলেকালৈ যোৱাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ লগতে পাতল ৰঙৰ, দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মহৰ প্ৰতিৰোধৰ বাবে কীটনাশক ছটিয়াব লাগে। ঘৰৰ আশে-পাশে থকা নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ লগতে গাহৰিৰ গঁৰাল জাল বা আঁঠুৱাৰে ঢাকি ৰাখিব লাগে। বানৰ পাছত সৃষ্টি হ’ব পৰা বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। মহৰ পৰা হ’বপৰা ৰোগ নিৰ্মূলকৰণৰ বাবে ৰাসায়নিক দ্রব্য ছটিওৱাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে।
Site Admin | July 18, 2024 8:02 PM | Assam | Health dept. | Health Minister | japanese encephalitis assam