আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আজিৰ পৰা অহা ২৯ মেলৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি অসমৰ লগতে মিজোৰাম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ কেইবাটাও স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰিছে। এই সময়ছোৱাত অসম আৰু ত্ৰিপুৰাৰ কোনো কোনো স্থানত গ্রীষ্ম প্রবাহৰ সম্ভাবনা আছে। কাইলৈৰ পৰা ২৯ মে’লৈ অসমৰ লগতে নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ভালেকেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, ৰাজ্যৰ বিভিন্ন স্থানত বর্ধিত তাপমাত্ৰাৰ বাবে জনসাধাৰণৰ জীবনযাত্রা ব্যাহত হৈ পৰিছে। গৰমৰ এই সময়ছোৱাত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত শীতল পানীয়ৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে সামাজিক মাধ্যমযোগে ঘৰ, কাৰ্যালয়, বাণিজ্যিক প্রতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীসকলক পানী যোগান ধৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে। লগতে আৰক্ষীৰ লোকসকলকো নিজাববীয়াকৈ খোৱাপানীৰ বটল লগত ৰাখিবলৈ আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে অনুৰোধ জনাইছে।
Site Admin | May 26, 2024 1:00 PM | weatehr