শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পলিটেকনিক প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজ সন্দৰ্ভত বুজ লোৱা হয়। চলিত বিত্তীয় বৰ্ষত শিক্ষানুষ্ঠানসমূহৰ অতিৰিক্ত শ্ৰেণীকোঠা, স্মার্ট শ্ৰেণীকোঠা, আৱাসিক আদি আন্তঃগাঁথনিগত উন্নয়নৰ বাবে লোৱা পৰিকল্পনা অনুসৰি অধ্যক্ষসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিশদ আলোচনা কৰে।
Site Admin | July 18, 2024 5:52 PM | Assam Education | Assam Education Minister | Assam Govt Education Dept. | Ranoj Pegu
ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক
