ৰাজ্যিক মন্ত্রীসভাই বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ এটা সুকীয়া বিভাগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰাক উপত্যকাৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ কইনাধৰাত যোৱা নিশা অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, যে পূৰ্বতে বড়োলেণ্ড ৱেলফেয়াৰ বাবে পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ আছিল আৰু একেদৰে এতিয়া বৰাক উপত্যকা উন্নয়ন নামৰ এটা সুকীয়া বিভাগ হ’ব। ৰাজ্য চৰকাৰে ইথানল উৎপাদনৰ সৈতে জড়িত তিনিটা উদ্যোগক ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে মন্ত্রীসভাই প্ৰতি লিটাৰ ইথালনত উৎপাদন সংযোজিত উদগনি হিচাপে ২ টকা দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। অনাগত তিনি বছৰলৈ এই সাহায্য প্ৰদান কৰা হ’ব বুলি শ্ৰী মল্লবৰুৱাই জানিবলৈ দিয়ে। তেওঁ কয়, যে মন্ত্রীসভাই কাৰাগাৰত বন্দী হৈ থকা কয়দীৰ মৃত্যু হ’লে নিকতাত্মীয়ক ক্ষতিপূৰণ হিচাপে বিত্তীয় সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন দিছে। এই অনুসৰি কয়দীৰ মাজত কাজিয়া লাগি মৃত্যু হ’লে ২ লাখ, কাৰাগাৰৰ কৰ্মচাৰীৰ সৈতে কাজিয়া লাগি বা কৰ্মচাৰীৰ অত্যাচাৰত মৃত্যু হ’লে ৩ লাখ, কৰ্মচাৰীৰ অৱহেলাৰ বাবে মৃত্যু হ’লে ৪ লাখ, চিকিৎসা বিষয়াৰ অৱহেলাত মৃত্যু হ’লে ৪ লাখ আৰু কাৰাগাৰত আত্মহত্যা কৰিলে ৩ লাখ টকা ক্ষতিপূৰণ হিচাপে নিকতাত্মীয়ক প্ৰদান কৰা হ’ব। কালিৰ মন্ত্ৰীসভাৰ বৈঠকত নতুনকৈ শপত লোৱা চাৰি গৰাকী মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে।
Site Admin | December 8, 2024 11:27 AM | assam cabinet meeting
ৰাজ্যিক মন্ত্রীসভাৰ বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত
