মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কালি ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত কর্ণধাৰ সমিতিৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ আসন্ন পঞ্চায়ত নির্বাচন, ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনকে ধৰি আন বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। কালিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজ, কেইবাগৰাকীও মন্ত্রী, বিধায়ককে ধৰি দলৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে। কৰ্ণধাৰ সমিতিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শর্মাই সংবাদমেলত কয় যে, ৰাজ্যখনত যাতে এইবাৰ দলৰ সদস্যভর্তি অভিযান সফল হয়। তাৰ বাবে বুথ পৰ্যায়লৈকে বিশেষ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। এই সন্দৰ্ভত কৰ্ণধাৰ সমিতিৰ বৈঠকত বিতংকৈ আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। যিহেতু দেশব নির্বাচন আয়োগে উপ নির্বাচনৰ দিন ঘোষণা কৰা নাই, সেয়েহে বৈঠকখনত সাংগঠনিৰ দিশৰ ওপৰত আলোচনা কৰা হয়। আনহাতে ৰাজ্যসভা নির্বাচনত ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’বলগাৰ পৰিপ্ৰেক্ষিতত বৈঠকত দুয়োগৰাকীকে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে যোৱা ২২ আগষ্টত ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পৰীক্ষাত দুয়োগৰাকী প্রার্থীৰে মনোনয়ন বৈধ ঘোষণা কৰাৰ লগতে ইয়াৰ বাবে আন কোনো প্রার্থীয়ে মনোনয়ন পত্র দাখিল নকৰাত তেওঁলোক নির্বাচিত হোৱাটো স্পষ্ট হৈ পৰে।
Site Admin | August 25, 2024 11:11 AM | BJP meeting