September 19, 2024 1:32 PM | ADRE

printer

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ

অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। ১৫ ছেপ্তেম্বৰত প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত অহা ২৯ তাৰিখে পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ চাকৰিৰ আৰু বিয়লি ডেৰ বজাৰ পৰা চাৰে চাৰি বজালৈ ড্রাইভাৰ পদৰ বাবে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব। আনহাতে, ২৭ অক্টোবৰত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ চতুৰ্থ বৰ্গৰ মেট্ৰিক উত্তীৰ্ণ পৰ্যায়ৰ আৰু বিয়লি ডেৰ বজাৰ পৰা চাৰে চাৰি বজালৈ অষ্টম শ্ৰেণী পর্যন্ত উত্তীৰ্ণ চতুৰ্থ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। উল্লেখ্য যে ২৯ ছেপ্তেম্বৰৰ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯জন আৰু ড্ৰাইভাৰ পদৰ বাবে ২ লাখ ৪ হাজাৰ ৯১জন প্রার্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব। আনহাতে ২৭ অক্টোবৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত মেট্ৰিক উত্তীৰ্ণ পৰ্যায়ত ৮ লাখ ২৭ হাজাৰ ১৩০গৰাকী আৰু অষ্টম শ্রেণী পর্যন্ত উত্তীৰ্ণ পৰ্যায়ত ৫ লাখ ৫২ হাজাৰ দুগৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক