ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনিন্দ্ৰ নাথ শৰ্মা আৰু আন বিষয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী শ্ৰীদাসে ৬ গৰাকী ফেকাল্টি মেম্বাৰক নিযুক্তি পত্ৰ প্ৰদান কৰে উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি ইতিমধ্যে ৯৯ হাজাৰৰো অধিক নিযুক্তি সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অলপতে আয়োজিত অনুষ্ঠানত লোকনিৰ্মাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত এহেজাৰ ১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিৰেই এক লাখ নিযুক্তি সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে।
Site Admin | August 16, 2024 8:26 PM | Ranjit Kumar Das Meeting