ৰাজ্যসভাতো কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। উচ্চ সদনত আলোচনা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে কর্মসংস্থাপনহীনতা আৰু মুদ্রাস্ফীতিৰ বিষয় উত্থাপন কৰে। তেওঁ লগতে অগ্নিপথ আঁচনি আৰু নীট পৰীক্ষা বাতিল কৰিবলৈ দাবী জনায়। আলোচনাত ভাগ লৈ বিজেপিৰ ড০ ৰাধন মোহন দাস আগৰৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যত আলোকপাত কৰে। তেওঁ কয় যে, চৰকাৰে আৰম্ভ কৰা জন ধন যোজনাই দেশৰ কোটি কোটি লোকলৈ বেংকিঙ সেৱা আগবঢ়াইছে। গ্ৰামাঞ্চলৰ ১৪ কোটিৰো অধিক পৰিয়াললৈ নলযোগে খোৱাপানী যোগান ধৰা হৈছে বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে । আলোচনাত ভাগ লৈ অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এইবাৰৰ বাজেটখনক কৃষকৰ বাবে অনুকূল আৰু নিয়োগমুখী বুলি অভিহিত কৰে। তেওঁ কয় যে বাজেটত কৃষি, সেৱা উদ্যোগ আৰু নিৰ্মাণ খণ্ডত সমানেই গুৰুত্ব আৰোপ কৰা হৈছে। টি এম চিৰ সাগৰিকা ঘোষে অসমানতা সমস্যা দূৰ কৰাৰ বাবে বাজেটত একো উল্লেখ কৰা হোৱা নাই বুলি মন্তব্য কৰে। সদস্যসকলে আলোচনাকালত ৰাইজৰ বাবে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে। তাৰ পাছতে ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয় ।
Site Admin | July 25, 2024 10:48 AM | Rajya Sabha Budget discussion