ৰাজ্যসভাত আজি সদনৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ সদস্য কিৰণ চৌধুৰীয়ে কয়, যে চৰকাৰে কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্যে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে দেশ সম্প্রতি প্রকৃত অৰ্থত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আগবাঢ়িছে। বিৰোধী নেতা কংগ্ৰেছৰ মল্লিকার্জুন খাৰ্গে নিবনুৱা সমস্যা, সামগ্ৰীৰ মূল্যবৃদ্ধি তথা মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ বিষয়ে উত্থাপন কৰে। তেওঁ চৰকাৰক বছৰি ২ কোটি লোকক নিয়োগৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলিও সমালোচনা কৰে। চৰকাৰৰ পৰা উপযুক্ত গুৰুত্ব লাভ কৰা নাই বাবে বহু কৃষকে আত্মহননৰ পথ বাচি লোৱা বুলিও তেওঁ অভিযোগ তোলে। কেন্দ্রীয় মন্ত্রী পিয়ুছ গোৱেলে কৃষকৰ আত্মহনন সন্দৰ্ভত কয়, যে এন চি আৰ বিৰ তথ্য অনুসৰি ইউ পি এ চৰকাৰৰ শাসনৰ ১০ বছৰৰ তুলনাত এন ডি এ চৰকাৰৰ শাসনকালৰ ১০ বছৰত কৃষকৰ আত্মহননৰ হাৰ ৫৭ শতাংশ অধিক আছিল । মহাকুম্ভৰ শেহতীয়া ঘটনাক লৈ বিৰোধী দলে ৰাজনীতি কৰা বুলিও তেওঁ অভিযোগ তোলে। তৃণমূল কংগ্ৰেছৰ সাংসদ দেৰেক্কো ব্রিয়েনে কৃষি, নিযোগ তথা মহিলাৰ সংৰক্ষণৰ দিশসমূহত জড়িত হৈ থকা সমস্যাসমূহ উত্থাপন কৰে। এন ডি এ চৰকাৰৰ শাসনকালত বিগত ৫ বছৰত কৃষিখণ্ডৰ মজুৰী অতি কম পৰিমাণে বৃদ্ধি হোৱা বুলি অভিযোগ তোলে।
Site Admin | February 3, 2025 8:00 PM | Motion of Thanks President Address
ৰাজ্যসভাত সদনৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা
