ডাউনলোড
মোবাইল এপ

android apple
signal

August 8, 2024 12:58 PM | Rajya Sabha

printer

ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ দিগ্বিজয় সিঙে কয় যে ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু কৰ্মসংস্থাপনহীনতাৰ সমস্যা দূৰ কৰাটো চৰকাৰৰ আগ্ৰাধিকাৰ হোৱা উচিত। তেওঁ কয় যে এইবাৰৰ বাজেটখন মোদী চৰকাৰৰ একাদশ বাজেট আৰু এইবাৰৰ বাজেটখনতো এনে ধৰণৰ অগ্ৰাধিকাৰ প্ৰতিফলিত হোৱা নাই। তেওঁ কয় যে চৰকাৰে বাজেটত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত তিনিবিধ ঔষধৰ ওপৰত আৰোপিত সীমা শুল্ক প্রত্যাহাৰ কৰিছে যদিও কৰ্কট ৰোগৰ সকলো ঔষধৰ ক্ষেত্ৰত এই কৰ প্ৰত্যাহাৰ কৰা উচিত। তেওঁ লগতে স্বাস্থ্য বীমাৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।
একেদৰে তৃণমূল কংগ্ৰেছৰ ডেকে অ’ব্রায়ানেও স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত আৰোপিত ১৮ শতাংশ জি এছ টি উঠাই ল’বলৈ আহ্বান জনায়। আলোচনাত ভাগ লৈ ৱাই এছ আৰ চি পিৰ ভি বিজয়ছাই ৰেড্ডীয়ে ১ লাখ টকা পর্যন্ত পেন্সনক ৰেহাইৰ আওতালৈ আনিবলৈ বিত্তমন্ত্ৰীক অনুৰোধ জনায়। বিজেপিৰ ভূৱনেশ্বৰ কলিতাই কয় যে চৰকাৰে ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সমাজৰ দুখীয়া শ্ৰেণী, যুৱ প্ৰজন্ম, খেতিয়ক আৰু মহিলাসকলৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে চৰকাৰে সদায় মানৱ সম্পদৰ সৰ্বাত্মক উন্নয়ন আৰু সামাজিক ন্যায়ত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। তেওঁ কয় যে নিৰ্মাণৰ ক্ষেত্ৰত দেশ সমৃদ্ধ হোৱাই নহয়, বৰং কেতবোৰ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। দেশ মোবাইল ফোনৰ অন্যতম সর্ববৃহৎ ৰপ্তানিকাৰী হোৱা বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে। অন্য ৰাজনৈতিক দলৰ সদস্যসকলেও আলোচনাত ভাগ লয়। বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি এই আলোচনাৰ উত্তৰ দিব।

অধিক পঢ়ক

সকলো চাওক