ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়

পাঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়। অধ্যাপক ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে, ধনপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানবেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে আজি শপতগ্ৰহণ কৰোৱা হয় ৷ 

এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে তিনিওগৰাকী উপাচাৰ্যক অভিনন্দন জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী কার্যকালৰ সফলতা কামনা কৰে। উল্লেখযোগ্য যে ২০ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যৰ কাৰ্যকাল অন্ত পৰাৰ পাছতে ড০ ননীগোপাল মহন্তই কাৰ্যভাৰ গ্ৰহণ কৰিব। ড০ মহন্তই ২০২১ চনৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইপিনে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত লোৱা ধনপতি ডেকাই তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰধান অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্বদ্যালয়ৰ উপাচাৰ্য হিচাপে শপতগ্ৰহণ কৰা মানবেন্দ্ৰ দত্ত চৌধুৰী অসম বিশ্ববিদ্যালয় গুৰু অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

অধিক পঢ়ক

সকলো চাওক