ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি

ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ কালি ৰাষ্ট্ৰপতি ভৱনত সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সামৰণি মন্তব্যত পাৰস্পৰিক শিকনৰ মনোভাৱেৰে সৰ্বাত্মক আলোচনাৰ বাবে ৰাজ্যপালসকলে চলোৱা সমূহীয়া প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণৰ কল্যাণ আৰু ৰাজ্যপালৰ কাৰ্যালয়ৰ কাম-কাজ উন্নত কৰি তোলাৰ বাবে লাভ কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমুৰ্মুৱে কয় যে, দেশৰ উন্নয়ন ৰাজ্যসমূহৰ সৰ্বাত্মক আৰু ক্ষীপ্ৰ উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে আৰু সকলো ৰাজ্যই পৰস্পৰৰ শ্ৰেষ্ঠ কাৰ্য শৈলী আৰু অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগবঢ়া উচিত। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, কোনো যোগ্য হিতাধিকাৰী যাতে জনকল্যাণ কাৰ্যসূচীসমূহৰ পৰা বাদ পৰি যাবলগীয়া নহয় তাক সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সমাজৰ শেষৰজন ব্যক্তিকো সামৰি লোৱাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এই প্ৰচেষ্টাই জনসাধাৰণৰ জীৱন উন্নত কৰি তুলিছে। তেওঁ ৰাজ্যপালসকলক সকলো জনকল্যাণমূলক আঁচনিৰ লাভ যাতে যোগ্য হিতাধিকাৰীসকলে লাভ কৰে তাক সুনিশ্চিত কৰিবলৈ কৈছে। এনে কৰিলেহে প্ৰকৃত অৰ্থত সৰ্বাত্মক উন্নয়নৰ লক্ষ্যত উপনীত হ’ব পৰা যাব বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজভৱনৰ বাতাবৰণ অনুৰূপ হোৱা উচিত আৰু ৰাজ্যপালসকলে ৰাজভৱনৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে চেষ্টা চলোৱা উচিত। সামৰণি অনুষ্ঠানত ভাষণ দি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে, এই দুদিনীয়া সন্মিলনে অংশগ্ৰহণকাৰীসকলৰ মানসপটত অমিত চাপ এৰি থৈ যাবলৈ সক্ষম হৈছে। তেওঁ কয় যে, ৰাজ্যপালসকলে তথ্য বিচৰাৰ ক্ষেত্ৰত কুণ্ঠাবোধ কৰা উচিত নহয় আৰু তেওঁলোকে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সৈতে অহৰহ যোগাযোগ বৰ্তাই ৰখা উচিত। সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাজভৱনৰ কাম-কাজ ফলপ্রসূ কৰি তোলাৰ বাবে কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ অৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। তেওঁ লগতে কাম-কাজত প্ৰযুক্তিক আকোঁৱালি ল’বলৈ আৰু ডিজিটীয়কৰণৰ প্ৰসাৰৰ অৰ্থে কাম কৰিবলৈ ৰাজ্যপালসকলৰ প্ৰতি আহ্বান জনায়। প্রধানমন্ত্রীয়ে শৈক্ষিক চৌহদসমূহক ড্ৰাগছ মুক্ত কৰি তোলাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাৰে কাম কৰিবলৈ আৰু গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। প্রাকৃতিক খেতি সন্দৰ্ভত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে আগবঢ়োৱা পৰামৰ্শৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে অন্য ৰাজ্যপালসকলক ৰাজভৱনত প্ৰাকৃতিক খেতিৰ আৰ্হি বিকশাই তুলিবলৈ আৰু ৰাজভৱন চৌহদক ৰসায়ন মুক্ত কৰি তুলিবলৈ আহ্বান জনায়। ৰাজভৱনসমূহ আনৰ বাবে উৎসাহ আৰু অনুপ্ৰেৰণাৰ উৎস হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যপালসকলৰ বিভিন্ন গোটে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কয় যে, ৰাজ্যপাল আৰু ৰাজভৱনসমূহৰ কাম-কাজ অধিক ফলপ্রসূ কৰি তোলাৰ বাবে প্ৰতিবেদনসমূহৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰূপায়ণ কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক