ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাজভৱনৰ কাম-কাজ ফলপ্রসূ কৰি তোলাৰ বাবে কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ অৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। তেওঁ লগতে কাম-কাজত প্ৰযুক্তিক আকোঁৱালি ল’বলৈ আৰু ডিজিটীয়কৰণৰ প্ৰসাৰৰ অৰ্থে কাম কৰিবলৈ ৰাজ্যপালসকলৰ প্ৰতি আহ্বান জনায়। প্রধানমন্ত্রীয়ে শৈক্ষিক চৌহদসমূহক ড্ৰাগছ মুক্ত কৰি তোলাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাৰে কাম কৰিবলৈ আৰু গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। প্রাকৃতিক খেতি সন্দৰ্ভত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে আগবঢ়োৱা পৰামৰ্শৰ ৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে অন্য ৰাজ্যপালসকলক ৰাজভৱনত প্ৰাকৃতিক খেতিৰ আৰ্হি বিকশাই তুলিবলৈ আৰু ৰাজভৱন চৌহদক ৰসায়ন মুক্ত কৰি তুলিবলৈ আহ্বান জনায়। ৰাজভৱনসমূহ আনৰ বাবে উৎসাহ আৰু অনুপ্ৰেৰণাৰ উৎস হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যপালসকলৰ বিভিন্ন গোটে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কয় যে, ৰাজ্যপাল আৰু ৰাজভৱনসমূহৰ কাম-কাজ অধিক ফলপ্রসূ কৰি তোলাৰ বাবে প্ৰতিবেদনসমূহৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰূপায়ণ কৰা হ’ব ।
Site Admin | August 4, 2024 6:09 PM | PM Modi attended Governor Conference