ডাউনলোড
মোবাইল এপ

android apple
signal

April 18, 2025 10:57 AM | Panchayat Election

printer

ৰাজ্যত ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৬,৭৬১খন মনোনয়ন গ্ৰহণ

অহা ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ঘোষণা কৰা হয়। এই ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনৰ বাবে ৭ হাজাৰ ১৭৪খন মনোনয়ন দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত ছহেজাৰ ৭৬১খন মনোনয়ন গ্ৰহণ কৰা হয়। গ্রহণ হোৱা মনোনয়নসমূহৰ ভিতৰত ১৮৯খন মনোনয়ন নাকচ কৰাৰ বিপৰীতে ২৩৪খন মনোনয়ন প্ৰত্যাহাৰ কৰা হয়। গাঁও পঞ্চায়ত পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ পৰিসংখ্যা জিলাই জিলাই ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে জিলা পৰিষদৰ ৩৯৭খন আৰু আঞ্চলিক পঞ্চায়তৰ দুহেজাৰ ১৯২খন আসনত নির্বাচন অনুষ্ঠিত হ’ব। ৱাৰ্ড সদস্যৰ ২১ হাজাৰ ৯২০খন আসনৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।
নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উলংঘাকে ধৰি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় অভিযোগৰ বাবে প্ৰতিখন জিলাত এটা শুল্কবিহীন নম্বৰৰ ব্যৱস্থা কৰিছে। জনসাধাৰণে এই জিলাভিত্তিক নম্বৰসমূহত ফোন কৰি ওজৰ আপত্তি দাখিল কৰিব পাৰিব । প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজনৈতিক দলসমূহৰ মাজত নির্বাচনী তৎপৰতা বৃদ্ধি পাইছে। বিজেপি, অগপ, গণশক্তি আৰু ৰাভা হাছং ঐক্যমঞ্চৰ সন্মিলিত যুঁজৰ বিপৰীতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনাও বিৰোধীয়ে ঐক্যবদ্ধ হোৱাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। শিৱসাগৰত ৰাইজৰ দলৰ হৈ জ্যেষ্ঠ নেতা অনুপ বৰপাত্ৰ গোঁহাইয়ে কালি এখন সংবাদমেল সম্বোধন কৰি শিৱসাগৰ সমষ্টিৰ ছখন জিলা পৰিষদৰ আসন বুজাবুজিৰ ক্ষেত্ৰত কংগ্ৰেছ দলে নিজৰ স্থিতি স্পষ্ট নকৰাৰ বাবে ৰাইজৰ দলে অকলে নিৰ্বাচন খেলাৰ পোষকতা কৰিছে বুলি জানিবলৈ
দিয়ে। ইফালে, অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে এই নির্বাচনত শাসকীয় বিজেপি দলে আৰক্ষীক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাকে ধৰি আন কেইবাটাও গুৰুতৰ অভিযোগ তুলি উলুবাৰী আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত কালি প্ৰতিবাদ সাব্যস্ত কৰে ।
ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনত মুঠ এহেজাৰ ৭৬৮গৰাকী প্ৰাৰ্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব। মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিনটোত কালি ৯৩গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। জিলাখনৰ তিনিখন আঞ্চলিক পঞ্চায়ত সদস্যই বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰে।
মানকাচৰতো একাংশ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছত সমষ্টিটোৰ চাৰিখন জিলা পৰিষদত ২৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন যোগ্য বিবেচিত হৈছে। ৩৫খন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যপদৰ বাবে ১৫০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও ইয়াৰ চাৰিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র কালি বাতিল হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শিলচৰত ৩১খন গাঁও পঞ্চায়তৰ ৩১০টা ৱাৰ্ডত ১৪৮জন বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰে ।
ডিব্ৰুগড় আৰু যোৰহাট জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত বিভিন্ন কোষৰ মুৰববীসকলৰ পৰা নিৰ্বাচনী কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়াসকলৰ সুবিধা-অসুবিধাৰ বিষয়েও কালিৰ বৈঠকত আলোচনা কৰা হয়। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তিনিওটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পৰিবহন কোষৰো এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়।
গোলাঘাট জিলাৰ বোকাখাটতো পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক প্রতিনিধিসকলৰ মাজত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বৰ ক্ষেত্ৰত অৱহেলা কৰা ছজন কৰ্মচাৰীক জিলা নির্বাচনী বিষয়াই কৈফিয়ৎ তলব কৰিছে।
শোণিতপুৰ জিলাৰ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ কাৰণে প্ৰথমটো প্রশিক্ষণ কালি অনুষ্ঠিত হয়। জিলা নির্বাচনী বিভাগৰ উদ্যোগত অনুষ্ঠিত প্রশিক্ষণত জিলাখনৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ১২০টা ভোটগ্রহণ কেন্দ্ৰত ১৫০গৰাকী মহিলা নিৰ্বাচনী বিষয়া আৰু এহেজাৰ ১৪১গৰাকী পুৰুষ বিষয়াই অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক