ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰি বৃক্ষ অর্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অব্যাহত

ৰাজ্য চৰকাৰৰ উদ্যোগত তথা বন বিভাগৰ সহযোগত ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰি বৃক্ষ অর্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে এজুপি গছ মাৰ নামত শ্ল’গানেৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অব্যাহত আছে। ১ৰ পৰা ১৫ আগষ্টলৈকে চলা এই কাৰ্যসূচীৰ অংশস্বৰূপে কালি যোৰহাটত পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিত এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়। যোৰহাট আৱৰ্ত ভৱনত অনুষ্ঠিত সভাখনত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ সুদূৰপ্ৰসাৰী চিন্তাৰ শলাগ লোৱাৰ লগতে সকলোকে গছপুলি ৰোপণত ভাগ লৈ অমৃত বৃক্ষ আন্দোলন সফল কৰি তুলিবলৈ আহ্বান জনায়। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে বিভিন্ন বিভাগীয় বিষয়া উপস্থিত থকা পৰ্যালোচনা সভাখনত জিলা আয়ুক্তগৰাকীয়ে জনায় যে যোৰহাটত প্ৰায় ১২ লাখ ৭৯ হাজাৰ ৬৫টা গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে আৰু ৮ লাখ ৯৪ হাজাৰ ২৭৪টা গছপুলি ইতিমধ্যে বিতৰণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক