দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো সংবিধান দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ জনতা ভৱনৰ লোকসেৱা ভৱনত সংসদীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত সংবিধান দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা, ধৰ্মনিৰপেক্ষতা তথা সামগ্ৰিকভাৱে গণতন্ত্ৰৰ মহানতাক অনুধাৱন কৰি গৌৰৱান্বিত বুলি মন্তব্য কৰে । ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত মহানগৰীৰ ফটাশিল আমবাৰীৰ জি এম চি নিউ কলনী, ড° বি আৰ আম্বেদকাৰ পথত আজি পুৱা অনুষ্ঠিত সংবিধান দিৱসৰ কাৰ্যসূচীত ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গালোচাই পদযাত্ৰাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলোৱে সাৰ্বভৌম, সমাজবাদী তথা ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক দেশ গঢ়াৰ বাবে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি সংকল্প লয়। ইপিনে সংবিধান দিৱসৰ লগত সংগতি ৰাখি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ছেলে ব্যুৰ’ অৱ কমিউনিকেচনছ চমুকৈ চি বি চি গুৱাহাটীৰ উদ্যোগত আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়তো আজি সংবিধান দিৱস অনুষ্ঠিত হয়। সংবিধান দিৱস উপলক্ষে বিভিন্ন জিলাত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্রতিষ্ঠানে কাৰ্যসূচী গ্ৰহণ কৰে। যোৰহাট জিলা আৰক্ষী ছাউনীত আৰক্ষী অধীক্ষকৰ উদ্যোগত এই দিৱস পালন কৰা হয়। মৰিগাঁৱৰ বঘৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে জিলাখনৰ বিভিন্ন স্থানত এই দিৱস পালন কৰা হয়। বৰপেটা জিলাত আজি আয়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী ছাউনীৰ লগতে বিভিন্ন বিভাগীয় কার্যালয়সমূহত এই দিৱস উপলক্ষে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হয়। কোকৰাঝাৰতো আজি এই দিৱস পালন কৰা হয়। মাজুলী জিলাৰ খেৰকটীয়া মহাবিদ্যালয়তো আজি সংবিধান দিৱস উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগতো সমূহ বিষয়া-কৰ্মচাৰীয়ে সংবিধানৰ শপত বাক্য পাঠ কৰে।
Site Admin | November 26, 2024 7:45 PM | Assam Constitution Day