ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনসমূহৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ

বিভিন্ন জিলা প্রশাসনে ৰাজ্যখনত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনাৰ ৰোধ কৰিবলৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ’বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, ভোটাৰ সজাগতা কাৰ্যসূচী আদি চলি থকাৰ সমান্তৰালকৈ অবৈধ ধনৰ সৰবৰাহ ৰোধ, মাদক দ্রব্য জব্দ কৰা আদি কাৰ্যও কৰি থকা হৈছে। মৰিগাঁও জিলাৰ ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। কালি দ্বিতীয় দিনা ২,১১৬ গৰাকী ভোটগ্রহণকাৰী বিষয়াক প্রশিক্ষণ প্ৰদান কৰা হয়। আনহাতে, কাইলৈ ১৪৪ গৰাকী মহিলা ভোটগ্রহণকাৰী বিষয়া আৰু ৮ গৰাকী বিশেষভাৱে সক্ষম মহিলা বিষয়াক প্ৰশিক্ষণ দিয়া হ’ব। ইপিনে, মহানগৰীখনত নির্বাচনী আচৰণ বিধি প্রযোজ্য হৈ থকা সময়ছোৱাত আৰক্ষী বিশেষ নিবীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাদে নগদ ধন জব্দ কৰাৰ ক্ষেত্ৰত যদি নিৰপৰাধী লোকে সমস্যাৰ সন্মুখীন হৈছে তেনে অসুবিধা দূৰ কৰাৰ বাবে কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে আন দুজন বিষয়াক লৈ এখন কমিটি গঠন কৰা হৈছে। কমিটিখনে এই ধন সন্দৰ্ভত নিজাববীয়াকৈ তথ্য গ্ৰহণ কৰিব পাৰিব। পৰীক্ষাৰ অন্তত জব্দ কৰা ধন বৈধ বুলি প্ৰমাণ হলে সেই ধন ব্যক্তিগৰাকীক ঘূৰাই দিব লাগিব। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কার্যালয়ে জিলাখনৰ নিৰ্বাচনত ব্যৱহাৰ হ’বলগীয়া ই ভি এম আৰু ভি ভি পেটৰ কালি বেন্দমাইজেশ্বন কাৰ্যসূচী অনুষ্ঠিত কৰে। লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে নিয়োগ কৰা সাধাৰণ পর্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু আৰক্ষী পর্যবেক্ষক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কালি জিলাখনত উপস্থিত হৈ নিৰ্বাচনৰ প্ৰতিটো কোষৰ নডেল বিষয়া, আৰু দায়িত্ববাহী বিষয়াসকলৰ সৈতে নির্বাচনী প্রস্তুতি সন্দৰ্ভত আলোচনা কবে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তৰ্গত গোলাঘাট নির্বাচনী জিলাত উপস্থিত হৈ জিলাখনত বিভিন্ন নির্বাচন সম্বন্ধীয় প্ৰস্তুতিৰ বুজ লয়। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰথমে জিলাখনব নির্বাচনী কোষসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হয়। কোষসমূহৰ কামকাজৰ খতিয়ান লৈ বিষয়াগৰাকীয়ে সমাগত নির্বাচন সম্পূর্ণ স্বচ্ছ, দুর্নীতিমুক্ত, শান্তিপূর্ণ তথা সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ সকলোকে আহ্বান জনায়। ইয়াৰ বিষয়াগৰাকীয়ে নির্বাচনী জিলাখনৰ ৱেবহাউছ, ষ্ট্ৰং ৰুম, সামগ্রী বিতৰণ কেন্দ্ৰ আৰু ভোটগণনা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি সকলো প্ৰস্তুতিৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক