ৰাজ্যত যোৱা ৬ অক্টোবৰত নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হয়। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰে। নৱেম্বৰ মাহৰ পৰা ডি বি টিৰ জৰিয়তে ছাত্ৰীসকলৰ বেংক একাউণ্টত ধন সোমাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে পৰৱৰ্তী তিনিটা বৰ্ষত ১০ লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চলিত বৰ্ষত এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ৰাজকোষৰ ২৪০ কোটি টকা ধন ব্যয় কৰিব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ শ্ৰেণীত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে মাহিলি এহেজাৰ টকাকৈ ১০ মাহৰ বাবে মুঠ ১০ হাজাৰ টকা লাভ কৰিব। একেদৰে স্নাতক প্রথম বর্ষত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীক ৰাজ্য চৰকাৰে ১০ মাহৰ বাবে এহেজাৰ ২৫০ টকাকৈ প্ৰদান কৰিব। স্নাতকোত্তৰ পাঠ্যক্ৰম তথা বি. এডত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীক এই আঁচনিৰ অধীনত ১০ মাহৰ বাবে মাহিলি ২,৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব।
Site Admin | October 13, 2024 8:21 PM | Chief Minister Dr. Himanta Biswa Sarma is launching Nijut Moina Scheme | Cm Nijut maina