ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথা প্রকাশ মুখ্যমন্ত্রীৰ

অসম চৰকাৰে ৰাজ্যখনত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লয় বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে বিৰোধী পক্ষই সমালোচনা কৰিলেও চৰকাৰে এনে বহু ক্ষেত্ৰত তাৎক্ষণিকভাৱে ন্যায় প্রদানৰ ব্যৱস্থা কৰিছে। চৰকাৰে ভৱিষ্যতেও এনে ক্ষেত্ৰসমূহত তৎকালীনভাৱে ন্যায়ৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত স্মার্ট মিটাৰ সংস্থাপনৰ প্ৰসংগ উল্লেখ কৰি কয় যে ৰাজ্যখনত স্মার্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুতৰ মাছুল বৃদ্ধি হোৱা কথাটো সত্য নহয়। ইয়াৰ বিপৰীতে এই মিটাৰ সংস্থাপনে গ্ৰাহকক মিতব্যয়ীভাৱে বিদ্যুৎ ব্যৱহাৰ কৰাৰ সুবিধা দিছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ মাছুল বৃদ্ধি হোৱা বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। ইপিনে, এ আই ইউ ডি এফে স্মার্ট মিটাৰৰ জৰিয়তে ৰাজ্য চৰকাৰে জনসাধাৰণক লুণ্ঠন আৰু হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে। দলটোৱে স্মার্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাছুল সংগ্রহ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে। লগতে স্মার্ট মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষৰ প্ৰৱঞ্চনা আৰু বিদ্যুৎ বিভাগৰ নাম লৈ ভয় খুৱাই স্মার্ট মিটাৰ লগাবলৈ বাধ্য কৰা ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক