ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। দহ সহস্ৰাধিক লোকৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই ড০ শৰ্মাই বিজেপি মিত্রজোঁটে জনসাধাৰণৰ আশা-আকাংক্ষা পুৰণৰ বাবে সদায়ে দায়বদ্ধতাৰে কাম কৰি আহিছে বুলি
মন্তব্য কৰে।
গোলাঘাট জিলাৰ দেৰগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনত অসমৰ সকলো গাঁও আৰু বাগিচা সামৰি লোৱা হৈছে বুলি মন্তব্য কৰে। বিৰোধীৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিয়ে মিত্ৰজোঁটৰ ওপৰত আস্থা বৃদ্ধি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত দাবী কৰে।
মানকাচৰত আয়োজিত অন্য এখন নির্বাচনী সভাত আজি অগপৰ উপ-সভাপতি জাভেদ ইছলামে অংশগ্ৰহণ কৰে। এই সভাত অর্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে অগপত যোগদান কৰে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে আজি মানকাচৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কামাখ্যা মন্দিৰ আৰু মিৰজুমলা মাজাৰশ্বৰিফত দোৱা প্ৰাৰ্থনা কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। আজি বিয়লিৰ পৰা শ্ৰীবৰঠাকুৰে তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে।
নগাঁৱত কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় মিডিয়া তত্বাৱধায়ক চৰণ সিং চাপ্ৰাই এখন সংবাদমেলক সম্বোধন কৰি শাসক পক্ষক তীব্র সমালোচনা কৰে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক মিথ্যাচাৰৰ চৰকাৰ বুলি অভিযোগ উত্থাপন কৰি শ্ৰীচাপ্ৰাই দলটোৱে ভুৱা কথাৰে পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি দাবী কৰে। বজালীত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে শাসকীয় বিজেপিৰ প্ৰাৰ্থীসকলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। আজি এখন নির্বাচনী সভাত মধ্য বজালী জিলা পৰিষদৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ বিজেপি বজালী মণ্ডলে প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক