ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত আছে। স্বাভাৱিক তাপমাত্ৰা চাৰিৰ পৰা পাঁচ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহৰ মাত্ৰা অত্যধিক হাৰত বৃদ্ধি পাইছে। বিগত দিনকেইটাত তাপমাত্রা ৩৭ৰ পৰা ৩৮ ডিগ্রী চেলছিয়াছ হৈছে যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে ৪৫ৰ পৰা ৪৮ ডিগ্ৰী চেলছিয়ালছলৈ গৰম অনুভূত হৈ আহিছে। আজি এই তাপমাত্ৰা নূন্যতম ২৭ ডিগ্ৰীৰ পৰা সৰ্বাধিক ৩৭ ডিগ্ৰী পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যত বর্ধিত তাপমাত্রা তথা উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাৰ ব্যক্তিগত তথা চৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী কিছু সালসলনি কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সকলো ব্যক্তিগত, চৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীৰ সালসলনি কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ শ্ৰেণীসমূহ পুৱা চাৰে সাত বজাত আৰম্ভ কৰি দিনৰ চাৰে ১২ বজা বিদ্যালয়ৰ ছুটীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি সকলো শিক্ষানুষ্ঠানকে ৰাতিপুৱাৰ প্ৰাৰ্থনাসভা শ্ৰেণীকোঠাৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয়ৰ প্ৰাংগনত উপযুক্ত খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য সা- সুবিধাসমূহ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা চাৰে সাত বজাৰ পৰা ১১ বজালৈ, উচ্চ প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী চাৰে সাত বজাৰ পৰা চাৰে ১১ বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা চাৰে ৭ বজাৰ পৰা দিনৰ ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।
ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজিৰে পৰা অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ওড়িশাৰ কিছু কিছু অংশত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক