ডাউনলোড
মোবাইল এপ

android apple
signal

July 16, 2024 1:19 PM

printer

ৰাজ্যত বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিগত তিনি বছৰত চৰকাৰে বহুকেইটা পদক্ষেপ গ্রহণ কৰিছেঃ পীযুষ হাজৰিকা

ৰাজ্যত বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিগত তিনি বছৰত চৰকাৰে বহুকেইটা পদক্ষেপ গ্রহণ কৰা বুলি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। জলসম্পদ মন্ত্রীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১- ২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্য চৰকাৰে ১৮৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰাৰ লগতে ৪৪০ কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণ কৰিছে। তদুপৰি ২১৭ কিলোমিটাৰ স্থানত খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে। একেদৰে এই সময়ছোৱাত ৬১টা শুইছ গেট নতুনকৈ স্থাপন কৰা বুলি তেওঁ সদৰী কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ২০৬ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা হৈছে বুলিও মন্ত্ৰী শ্ৰী হাজৰিকাই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক