ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত বানৰ সমান্তৰালভাৱে খহনীয়াৰ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শাম কটা নাই। কোনো কোনো জিলাৰ কেতবোৰ জলমগ্ন অঞ্চলত পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও নৈপৰীয়া অঞ্চলসমূহত বানৰ সমান্তৰালভাৱে খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। খহনীয়াই বিভিন্ন স্থানত বান্ধ আৰু মথাউৰিৰ প্ৰতিও ভাবুকি কঢ়িয়াইছে। চৰকাৰী তথ্য অনুসৰি যোৱা ২ জুলাই পর্যন্ত বানৰ ফলত নগাওঁ, কৰিমগঞ্জ আৰু দৰং জিলাত সৰ্বাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। নগাঁৱত বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৩লাখ ৮৬হাজাৰৰো অধিক হোৱাৰ বিপৰীতে কৰিমগঞ্জ আৰু দৰঙত ২লাখ ৬২হাজাৰ আৰু ১লাখ ৯১ হাজাৰৰো অধিক বান পীড়িতই দুর্ভোগ ভূগিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ বানে ৫২খন দলঙৰ লগতে ৪০ টা মথাউৰিৰ ক্ষতি কৰিছে। ইফালে, বান পীড়িতসকলক সাহায্য প্রদানৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বানৰ সময়চোৱাত যোৱা ২ জুলাই পর্যন্ত প্রায় ১১ হাজাৰ কুইণ্টল চাউল, ২ হাজাৰ কুইণ্টল দাইল, চাৰে ৫০০ কুইণ্টল নিমখ আৰু ২৩ হাজাৰ কুইণ্টল মিঠাতেল বিতৰণ কৰা বুলি জানিবলৈ দিয়ে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত বানৰ ফলত আৰু ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ চলিত বৰ্ষত বান জনিত ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬লৈ বৃদ্ধি পাইছে। ৩ জন লোক সন্ধানহীন হৈ আছে। বানৰ ফলত ১০৫টা ৰাজহ চক্ৰৰ মুঠ দুহেজাৰ ৮০০ খন গাঁও প্ৰভাৱিত হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩৯ হাজাৰ ৪০০ হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত লোকৰ সহায়ৰ বাবে ১৮১টা আশ্ৰয় শিৱিৰ আৰু ৩৩৪টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে কালি কামৰূপ জিলাৰ কেইবাটাও বান ক্ষতিগ্রস্ত এলেকা পৰিদৰ্শন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। উদ্যানখনৰ ১৭৮টা বন পহৰা চকী জলমগ্ন হৈছে। উদ্যানখনৰ বন্য জীৱ-জন্তু বোৰে ওচৰৰ ওখ পাহাৰীয়া ঠাইত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। উদ্যান কৰ্তৃপক্ষই সুৰক্ষাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে যাতায়াতৰ পথ সলনি কৰাৰ নিৰ্দেশ দিছে। উদ্যানখনৰ মাজেৰে গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে । ৰাজ্যখনৰ বিভিন্ন প্রান্তেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপ নৈসমূহৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বুঢ়ীদিহিং নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ইপিনে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ টেঙাখাটত থকা সাহায্য শিবিৰত উপস্থিত হৈ তাত আশ্ৰয় লৈ থকা বান প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক শিবিৰত অনাময় ব্যৱস্থা তথা চিকিৎসা সাহায্য সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। চৰকাৰে বানপীড়িত লোকসকলক সাহায্য আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্রহণ কৰিছে বুলি তেওঁ সদৰি কৰে।

অধিক পঢ়ক

সকলো চাওক