ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিতৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে।

Image

এই সন্দৰ্ভত দিছপুৰত অনুষ্ঠিত এখন বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজোৰীয়া, সচিব তেজপ্ৰসাদ ভূষালৰ লগতে বিভাগৰ আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী শ্ৰীবৰাই শীতল ভঁৰালসমূহৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, সহজে নষ্ট হ’ব পৰা খাদ্য সামগ্ৰীৰ ম্যাদ বৃদ্ধি তথা গুণগত মান অক্ষুণ্ণ ৰখা, নষ্ট হোৱাৰ পৰিমাণ হ্ৰাস কৰা, পৰিবহণ ব্যয় হ্ৰাস কৰা আদিৰ ক্ষেত্ৰত শীতল ভঁৰাল ব্যৱস্থাই কৃষক আৰু ব্যৱসায়ীসকলক উপকৃত কৰিব।

অধিক পঢ়ক

সকলো চাওক