ৰাজ্যত প্ৰথম বাৰৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি নৱজাতকক লৈ প্ৰসূতি মাতৃয়ে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱজাতকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তেই জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি ফখৰুদ্দিল আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ আজি দুটি শিশুক জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া নিৰ্দেশ অনুসৰি তেওঁলোকে আজি এই পদক্ষেপ গ্ৰহণ কৰে।
Site Admin | June 21, 2024 8:01 PM | Aadhaar Card | Birth Certificate