ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা অন্ত

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ অন্ত পৰিছে । মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়নপত্র প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত প্ৰথম পৰ্যায়ত ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। এই পৰ্য্যায়ৰ বাবে ৩৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ বিবেচিত হৈছিল। এই পৰ্যায়ত যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ আৰু কাজিৰঙাত ভোটগ্ৰহণ কৰা হ’ব। বিজেপিয়ে এই পৰ্য্যায়ৰ ৫খন আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৪খন আসনত প্রার্থী থিয় কৰোৱাইছে আৰু ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছে। এই নিৰ্বাচনত বিজেপিৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈ, প্রাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত কুমাৰ দত্তই এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা ৰ’জলিনা তির্কীয়েও মনোনয়ন দাখিল কৰিছে। ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হৈছে। ইফালে, ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ বাবেও মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰ আৰু নগাঁৱকে ধৰি পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক