ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক নির্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে৷ বিশেষকৈ অহা ১৯ এপ্ৰিলত ৫টা সমষ্টিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক নির্বাচনী প্ৰচাৰ চলায়। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি চৰাইদেউ জিলাৰ মাহমৰাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে৷ জিলাখনৰ আনকেইবাটাও স্থানত অনুষ্ঠিত নির্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ চলায়। দলীয় সমর্থকে শ্রীগগৈক মটৰচাইকেল সমলেৰে আদৰি নিয়ে। কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তির্কীয়ে দলীয় কৰ্মীসকলক লগত লৈ আজি গোলাঘাটৰ মেৰাপানী, তৰাণি, ক’লাজান আদি অঞ্চলত ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে নামঘৰত গৈ আশীৰ্বাদ গ্রহণ কৰে। নগাঁও সমষ্টিৰ কংগ্ৰেছ প্রার্থী প্ৰদ্যুৎ বৰদলৈও নগাঁও নগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিৎ দত্তই ঢেকীয়াজুলিৰ বৰচলাত অনুষ্ঠিত নির্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাখনত মন্ত্ৰী অশোক সিংঘলো উপস্থিত থাকে। কাজিৰঙা সমষ্টিৰ বিজেপি প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ মন্ত্ৰী অজন্তা নেওগে নির্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মীক লগত লৈ ফৰকাটিং, আঠগাঁও, জামগুৰি, পুলিবৰ আদি কেইবাখনো গাঁও পঞ্চায়ত এলেকাত প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলা কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত কংগ্ৰেছৰ শতাধিক নেতা-কর্মীয়ে বিজেপিত যোগদান কৰে। নগাঁও সমষ্টিৰ বিজেপি প্রার্থী সুৰেশ বৰাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই ধিঙৰ খৈৰাবাৰী চৰত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। বিজেপি প্রার্থী সুৰেশ বৰা উপস্থিত থকা এই সভাখনত পাঁচ শতাধিক কংগ্ৰেছ নেতা-কর্মীয়ে বিজেপিত যোগদান কৰে৷ ইপিনে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্রার্থী তপন গগৈয়ে মাজুলীৰ ১১টা স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। স্থানীয় বিধায়ক ভূৱন গাম আৰু দলীয় কার্যকৰ্তাসকলক লৈ শ্ৰীগগৈয়ে নির্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। আঞ্চলিক দল অসম গণ পৰিষদ, বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ লগতে আম আদমী পাৰ্টীয়েও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তামুলপুৰত আজি বিজেপি, অগপ আৰু ইউ পি পি এলৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়। সভাত সমাগত লোকসভা নিৰ্বাচনৰ বাবে তামুলপুৰ আৰু গোৰেশ্বৰ কমিটী গঠন কৰা হয়। সভাখনত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্রার্থী দিলীপ শ‍ইকীয়াক জয়যুক্ত কৰাৰ বাবে ৰণকৌশল যুগুত কৰা হয়। কোকৰাঝাৰ সমষ্টিৰ এন ডি এ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এখন নির্বাচনী বৈঠকত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতিখনত ৯খন বিধানসভা সমষ্টিৰ কমিটীৰ বিষয়ববীয়াৰ সৈতে শ্ৰীবৰা আৰু শ্ৰীমহন্তই বৈঠকত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা ৬ এপ্ৰিলত লখিমপুৰত হ’বলগীয়া এখন নির্বাচনী সভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অংশগ্রহণ কৰিব। এই উপলক্ষে আজি লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন প্রস্তুতি সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰধান বৰুৱাই অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক