ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীলৈ কাইলৈ আৰু ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকললৈ কাইলৈ আৰু অহা ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। নতুনকৈ ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ চাউল লাভ কৰিব। হিতাধিকাৰীসকলে অন্ন সেৱা দিনৰ সময়ছোৱাত নিজৰ নাম পঞ্জীয়নভুক্ত সুলভ মূল্যৰ দোকানৰ পৰা ই-প’ছ মেচিনৰ যোগেদি বিনামূলীয়া চাউল সংগ্রহ কৰিব পাৰিব। অধিক তথ্যৰ বাবে ১৮০০-৩৪৫- ৩৬১১ টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰে ।

অধিক পঢ়ক

সকলো চাওক