ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত এই পর্যন্ত ১৪খন জিলাৰ ১ লাখ লোক বানত ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে। এই পর্যন্ত এহেজাৰ পাঁচ হেক্টৰ ভূমিৰ কৃষি শস্য বানত বুৰ গৈছে। ৰাজ্যৰ কেইবাটাও নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলি দুর্যোগ প্রশমন বিভাগে প্রকাশ কৰিছে। দুধনৈ, পুথিমাৰী, ধনশিৰি, কপিলি, পাগলাদিয়া নদীৰ জলস্তৰ বৃদ্ধি পাইছে। উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উপনৈ দিচাং, দিখৌ, বুঢ়ী দিহিঙৰ জলস্তৰো ভয়ানকভাৱে বৃদ্ধি পাইছে। নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কামপুৰ গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি আৰু কাইলৈ ৰাজ্যখনৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক