ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত নিটি আয়োগৰ সম্পূৰ্ণতা অভিযান শীর্ষক বিশেষ অভিযান আৰম্ভ

দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্রহণেৰে নিটি আয়োগৰ সম্পূৰ্ণতা অভিযান শীর্ষক বিশেষ অভিযান কালি আৰম্ভ হৈছে। অসমতো বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক এই অভিযানে সামৰি লৈছে। মুঠ ১১২ খন অভিলাষী জিলাৰ ৫০০টা খণ্ডত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৩০ ছেপ্তেম্বৰলৈকে ৩ মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত ১২টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত ১০০ শতাংশ পৰিপূৰ্ণতা লাভ কৰা। দৰং জিলাৰ পূব মঙলদৈ, ওদালগুৰিৰ ভেৰগাঁও আৰু ডিমা হাছাও জিলাৰ বিভিন্ন খণ্ডত আজি সম্পূর্ণতা অভিযান আৰম্ভ কৰা হৈছে। ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডত আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই অভিযানৰ কাৰ্যসূচী আৰম্ভ কৰে। তামুলপুৰ জিলা প্ৰশাসন আৰু তামুলপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আজি এই সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত বি টি আৰৰ পাৰিষদ হেমন্ত ৰাভাৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। মঙলদৈ জিলাৰ আয়ুক্তৰ উদ্যোগত আজি জিলাখনত কেন্দ্ৰীয়ভাৱে সম্পূর্ণতা অভিযান উদ্বোধন কৰা হয়। উদ্বোধনী কাৰ্যসূচীত স্থানীয় সাংসদ দিলীপ শ‍ইকীয়া, বিধায়কদ্বয় ক্রমে বসন্ত দাস আৰু পৰমানন্দ ৰাজবংশীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰীত, কাছাৰ জিলাৰ লক্ষীপুৰত আৰু ধেমাজি জিলাৰ মুৰ্কংচেলেকত কাইলৈ এই অভিযান আৰম্ভ হ’ব। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ড সমূহত মূলত প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ তে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুত যোগান থকা মাধ্যমিক পর্যায় বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি মাহজোৰা সম্পূর্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্রাম সভা, নাটক, পৌষ্টিক আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব। এই অভিযানত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও সম্পূর্ণ সহৃদয়তাৰে অংশগ্রহণ কৰিছে। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম খণ্ডত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনে কালি এই অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে নাগালেণ্ডৰ কিফিতে অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত বিধানসভাৰ সদস্য চি কিপ্লি সংগতমে কাৰ্যসূচীৰ আৰম্ভণি কৰে। ইপিনে মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ লমকা ছাউথ ব্লকত কালি আৰম্ভ হোৱা প্ৰথমটো কাৰ্যসূচীত মধুমেহ আৰু উচ্চ ৰক্তচাপৰ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক