সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া, মন্ত্ৰী অজন্তা নেওগ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই অংশ গ্ৰহণ কৰে ৷ তেজপুৰৰ চাৰ্চ ফিল্ডত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অশোক সিংহাল, কেশৱ মহন্ত, বিধায়ক পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিন্ধু আদিয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সভ্যতা, শক্তি আৰু সামর্থ্যৰ প্ৰতীক ৰূপে যোগাভ্যাসে বিশ্বজুৰি সমাদৰ লাভ কৰিছে। তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত কার্যসূচীত কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে কয় যে যোগাভ্যাসে মানৱজাতিক সুস্বাস্থ্যৰ উপহাৰ প্ৰদান কৰে। বিগত ১০ বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহোপুৰুষাৰ্থত যোগ গোলকীয় জন জাগৰণত পৰিণত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে। প্রাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক মন্ত্ৰী সঞ্জয় কিষানো এই অনুষ্ঠানত উপস্থিত থাকে। নিজৰ আৰু সমাজৰ বাবে যোগ এই মূল বিষয়বস্তুৰে আজি মৰিগাঁৱতো বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদ্যাপন কৰা হয়। এই উপলক্ষে মৰিগাওঁ নগৰৰ আৰক্ষী ছাউনীৰ ড্রিল শ্বেত ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সমূহীয়া যোগাভ্যাস কার্যসূচী ৰূপায়ন কৰা হয়। অনুষ্ঠানত জিলা পৰ্যায়ৰ যোগ প্রতিযোগিতাৰ বিজয়ীসকলকো পুৰস্কৃত কৰা হয়। ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদতো জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত যোগ দিৱস উদযাপিত হয়। গোলঘাট জিলাৰ ইন্দোৰ ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাচাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ মিলন নগৰস্থিত বহুমুখী ইন্দোৰ ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত সমূহীয়া যোগাভ্যাস কার্যসূচীত মন্ত্ৰী বিমল বৰা, অসম পর্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । গোৱালপাৰা জিলা প্ৰশাসনে জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এই দিৱস পালন কৰে। এই কাৰ্যসুচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলি কলিতা মেধি আৰু জিলা উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীৰ লগতে অনান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আনহাতে,বৰপেটাৰ জিলা গ্রামীণ উন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। নলবাৰী মহাবিদ্যালয়ত যোগ দিৱস উপলক্ষে জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত থাকে। বঙাইগাওঁ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান বঙাইগাওঁ উদ্যোগত চিলাৰায় ইন্দোৰ ষ্টেডিয়ামত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলা ভিত্তিক যোগ প্রতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ খেলঘৰত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্রী পীযূষ হাজৰিকাই ভাগ লয়। কাৰ্বি আংলঙত ডিফু কাছা ইণ্ড’ৰ ষ্টেডিয়ামত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰে। যোৰহাটত আৰক্ষী চাৱনিত, ধুবুৰীত গুৰুদ্ধাৰ প্ৰাংগনত, চৰাইদেউত জিলা ৰাজহুৱা খেলপথাৰ ষ্টেডিয়ামত যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰে। ইপিনে তামোলপুৰত আয়োজিত অনুষ্ঠানত বিধায়ক জলেন দৈমাৰীয়ে ভাগ লোৱাৰ লগতে বাক্সাৰ পূব খাগ্ৰাবাৰী ৰাস মন্দিৰ প্ৰাংগনৰ লগতে বিভিন্ন বিদ্যালয়তো যোগ দিৱস উদ্যাপন কৰা হয়। কৰিমগঞ্জতো ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত আৰু জিলা প্রশাসন তথা জিলা স্বাস্থ্য সমিতিৰ সহযোগত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ গুদামত যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। নগাওঁ জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুষ অভিযানে নগাওঁ পুলিচ ৰিজাৰ্ভ সমূহীয়া ভৱনত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰে। ইফালে দেশৰ লগতে বিদেশৰো বিভিন্ন ঠাইত আজি দশম যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। সমগ্ৰ নেপালতে আজি পুৱাৰ ভাগতে যোগাসনৰ অভ্যাস কৰা হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দুতাবাসে পতঞ্জলি যোগপীঠ আৰু পোখাড়া মহানগৰৰ সহযোগত যোগাসন কাৰ্যসূচীৰ আযোজন কৰে।
Site Admin | June 21, 2024 7:36 PM | Assam Yoga Day