ৰাজ্যত তৃতীয় পর্যায়ত কাইলৈ ৪টা সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বীতা

ৰাজ্যখনত কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণত ৯ হাজাৰ ৫১৬ টা ভোট কেন্দ্ৰত ভোটগ্রহণৰ বাবে প্রস্তুতি সম্পূর্ণ হৈছে। এই পর্যায়ত ৪টা সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি ৪৭ গৰাকী প্রার্থী প্রতিদ্বন্দ্বীতাত অৱতীর্ণ হ’ব। আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে জনতা ভৱনত এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে, এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ আৰু ৪০ লাখৰো অধিক মহিলা ভোটদাতা। তদুপৰি ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। এই পর্যায়ত ৭৩ হাজাৰ ৬৯০ গৰাকী বিশেষভাৱে সক্ষম, ৪০ হাজাৰ ৭০৫ জন ৮৫ বছৰৰ উৰ্ধৰ আৰু দুই লাখ ১০ হাজাৰ ১৭৭ জন নতুন ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ লগতে ১২ হাজাৰ ১৬০ জন দৃষ্টিহীন আৰু ২৮ হাজাৰ ১১৬ গৰাকী চাৰ্ভিছ ভোটাৰ আছে। তৃতীয় পর্যায়ত নগৰ অঞ্চলত এহেজাৰ ৪৭৪টা আৰু গ্রামাঞ্চলত ৮ হাজাৰ ৪২ টা ভোটকেন্দ্রত ভোটগ্রহণ কৰা হ’ব। ৰাজ্যখনত ৩০০টা স্পর্শকাতৰ ভোট কেন্দ্ৰ চিনাক্ত কৰাৰ লগতে এই ভোট কেন্দ্রসমূহত পর্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি পাঁচ হাজাৰ ২৬৬টা ভোটকেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব। ৮৪ টা আদর্শ ভোটগ্রহণ কেন্দ্র আৰু ২৬ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ থাকিব বুলি শ্রী গোৱেলে প্রকাশ কৰে।

ধুবুৰী সমষ্টিত সৰ্বাধিক আৰু কোকৰাঝাৰ সমষ্টিত চাৰিওটা সমষ্টিৰ ভিতৰত আটাইতকৈ কম ভোটদাতা থকা বুলি শ্রী গোৱেলে প্রকাশ কৰে। তেওঁ কয় যে, ভোট কেন্দ্রসমূহত ন্যূনতম সা সুবিধা থকাটো নিশ্চিত কৰা হৈছে। ইপিনে তৃতীয় পর্যায়ত নির্বাচনী আচৰণবিধি উলংঘা সম্পৰ্কীয় ২২১টা অভিযোগ লাভ কৰা হৈছে আৰু ইয়াৰ ২১৯টা নিস্পত্তি কৰা হৈছে। পঞ্জীভুক্ত অভিযোগসমূহৰ ভিতৰত ১২টা গুৰুতৰ অভিযোগ বুলি তেওঁ জানিবলৈ দিয়ে। এই সময়ছোৱাত ৩২ বিধ অস্ত্র-শস্ত্র জব্দ কৰাৰ লগতে অনুজ্ঞা থকা এক লাখ ৮২ হাজাৰৰো অধিক অস্ত্র জমা দিয়া হৈছে বুলি তেওঁ প্রকাশ কৰে।

ইপিনে, নিৰীক্ষণকাৰী দলসমূহে এই সময়ছোৱাত ২০৯ কোটিৰো অধিক টকাৰ আপত্তিজনক সা- সামগ্রী জব্দ কৰিছে। ইয়াৰ ভিতৰত ১৯ কোটিৰো অধিক নগদ ধন, ৩৮ কোটিৰো অধিক মূল্যৰ সুৰা আৰু ১২৯ কোটিৰো অধিক টকাৰ মাদকদ্রব্য জব্দ কৰা হৈছে বুলি শ্রী গোৱেলে প্রকাশ কৰে। তেওঁ কয় যে, নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যবস্থা গ্রহণ কৰা হৈছে। শ্রী গোৱেলে সকলো শ্ৰেণীৰ ভোটদাতাক কোনো ধৰণৰ প্ৰলোভনৰ বশৱৰ্তী নোহোৱাকৈ কাইলৈ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক