ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণলৈ মাজত ৬টা দিন বাকী থকা সময়তে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্রার্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলায়। বালাপাৰাত নির্বাচনী প্রচাৰত অংশ লৈ তেওঁ বিজেপি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীক সমালোচনা কৰে। তেওঁ জনসভাত অংশগ্ৰহণ কৰি মহিলাসকলক প্ৰতিবছৰে ১ লাখ টকা, চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণ, ৪০০ টকালৈ মজুৰি বৃদ্ধিৰ প্রতিশ্রুতি প্রদান কৰে। লগতে তেওঁ দেশৰ নিবনুৱা সমস্যাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সমালোচনা কৰে। ইয়াৰ উপৰি কোচ-ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদান কৰাটো কংগ্ৰেছে বিচাৰে বুলি তেওঁ কয়। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একেগৰাকী প্ৰাৰ্থীৰ হৈ হাজোৰ কুলহাটীত প্ৰচাৰ চলায়। পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নিকাচিত বিজেপি সমর্থিত প্রার্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। একেগৰাকী প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই জিলাখনৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰাপেটাত নির্বাচনী প্ৰচাৰ চলায়। লাবদাংগুবিত অনুষ্ঠিত নির্বাচনী সভাতো তেওঁ অংশ লয়। বৰপেটাৰ সৰভোগত বিজেপি নেতা তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাই মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ অগপ নেতা তথা মন্ত্রী অতুল বৰা আৰু কেশৱ মহন্তই জিলাখনৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ খণ্ডকাৰপাৰা আৰু ভক্তদবাত আয়োজিত নির্বাচনী সভাত অংশ লয়। তেওঁলোকে বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। আনহাতে ধুবুৰী সমষ্টিৰ এ আই ইউ ডি এফ প্রার্থী বদৰুদ্দিন আজমলে বিলাসীপাৰাত প্ৰচাৰ চলায়। বিধায়ক ছামছুল হুদা, কবিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামে এই নির্বাচনী সভাত অংশ লয়। একেদৰে বিপিএফ প্রধান হাগ্ৰামা মহিলাৰীয়ে বৰপেটাৰ হাউলিত কোকৰাঝাৰ সমষ্টিৰ বিপিএফ প্রার্থী খাম্ফা বৰগয়াৰীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াই এখন প্ৰেছ বিজ্ঞপ্তিযোগে মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ ৰাজ্যৰ সংখ্যালঘু লোকসকললৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক