June 26, 2024 11:58 AM | Anti Drugs Day

printer

ৰাজ্যত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উদযাপন

আজি ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস। এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক’। ৰাজ্যত শেহতীয়াকৈ এইচ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত বেজীৰ দ্বাৰা ড্ৰাগছ গ্রহণক এটা প্ৰধান কাৰক হিচাপে বিবেচনা কৰা হৈছে। উল্লেখযোগ্য যে ড্ৰাগছ গ্ৰহণকাৰীৰ মাজত ব্যৱহৃত বেজি আৰু চিৰিঞ্জৰ আদান-প্রদানে এইচ আই ভি সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে। ড্ৰাগছ নিৰ্ভৰশীলতাৰ উপযুক্ত চিকিৎসাৰ বাবে বেজীৰে ড্ৰাগছ গ্ৰহণকাৰীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎ‍সালয়, কাৰ্বি আংলঙৰ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎ‍সালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎ‍সালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎ‍সালয়ত অৱস্থিত অ’ এছ টি কেন্দ্ৰসমূহলৈ যাব পাৰিব। ইয়াৰোপৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো অ’ এছ টি সেৱা উপলব্ধ হ’ব। অসমৰ বিভিন্ন জিলাৰ লগতে গোৱালপাৰা জিলাৰ আৰক্ষী প্ৰশাসনেও এই দিৱসৰ লগত সংগতি ৰাখি আজি ড্ৰাগছ বিৰোধী বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। কাৰ্যসূচীৰ অংশ হিচাপে পুৱাই এটা সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। গোৱালপাৰা সদৰ থানাৰ পৰা জিলা আৰক্ষী চাউনীলৈ উলিওৱা সমদলটোত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে অংশগ্ৰহণ কৰি সকলোকে ড্ৰাগছৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক