ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ

বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গীৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্টী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। আজি মাজনিশাৰ পৰা গীর্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ’ব। প্ৰভু যীশুৰ প্ৰশংসা আৰু স্তুতি গীতেৰে ইতিমধ্যে গীৰ্জাসমূহ মুখৰ হৈ পৰিছে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে শিৱসাগৰ জিলাতো বৰদিনৰ আনন্দ-উল্লাস বিৰাজ কৰিছে। এই উপলক্ষে উত্তৰ-পূব ভাৰতৰ দ্বিতীয় পুৰণি গীর্জা ৰূপে পৰিচিত শিৱসাগৰ ব্যাপ্তিষ্ট গীর্জাত কালি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্রাক্ বৰদিনৰ কাৰ্যসূচীৰ অংশৰূপে শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত খ্ৰীষ্টধর্মী লোকসকলে উলিওৱা এটা সমদলে শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে। হাতত মমবাতি লৈ কেৰল পৰিৱেশন কৰি আনন্দৰ বাৰ্তা বিনিময় কৰা এই সমদলটোৱে নগৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। প্ৰাক্‌ বৰদিনৰ মূল প্ৰাৰ্থনা আজি সন্ধিয়া অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক