ৰাজ্যত কাইলে লোকসভা নির্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ

ৰাজ্যত কাইলে লোকসভা নির্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ কৰা হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ৰাজ্যখনত কাইলৈ লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী কর্মী দলসমূহক বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ পঠিওৱা হৈছে। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাসহ মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ১ হাজাৰ ৫০০ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। এই পর্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ১৩ টা সমষ্টিৰ বাবে কাইলৈ ভোটগ্রহণ কৰা হব। এই পর্যায়ত এহেজাৰ ৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী। প্রার্থীসকলৰ ভিতৰত ৫৯১ গৰাকীৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে, ৪১১ গৰাকী প্রার্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ।

উল্লেখযোগ্য যে তৃতীয় পর্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ ২, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্রদেশৰ ৮, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ তথা গোৱা, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ দুখনকৈ আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব। এইটো পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যকে ধৰি দেশৰ ১৬ টা কেন্দ্রীয় শাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলী, আৰু দমন আৰু দিউৰ নির্বাচনী প্রক্রিয়াৰ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক